নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশী–বিদেশী পক্ষীৰ কাকলিৰে মুখৰ জয়সাগৰ দলনি

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ ধৰালৈ নামি আহিছে শীত৷ নিয়ৰৰ টোপালে জীপাল কৰি তুলিছে প্রকৃতিক৷ পকা ধান সামৰাৰ সমযতে ক্রমশঃ পথাৰৰ বাটসমূহ মুকলি হৈ পৰিছে৷ ৰাজ্যৰ বিল, জলাশয়, পিতনি আদি তৰাং হৈ পৰিছে৷ এনে এক সময়তে অসমলৈ ঢ়াপলি মেলিছে পৰিভ্রমী চৰায়ে৷ সুদূৰ ছাইবেৰিয়া, মধ্য হিমালয়ৰ বিভিন্ন স্থানৰ পৰা প্রচণ্ড শীতৰ পৰা ৰক্ষা পোৱাৰ হেতুকে বা বংশবৃদ্ধিৰ বাবে নানা প্রজাতিৰ ৰং–বিৰঙী আলহী পক্ষীৰ জাক অসমত ভুমুকি মাৰিছে৷

পেলিকান, ৰঁলাৰ, ইউজীন, ছাইবেৰিয়ান ক্রেন আদি পক্ষীসমূহে অসমৰ জলাশয়ৰ কোমল ৰ’দচালিত ভিৰ কৰিছেহি৷ আগষ্ট মাহৰ পৰা মার্চ–এপ্রিল পর্যন্ত মধ্য হিমালয়, ছাইবেৰিয়া আদিত প্রচণ্ড শীত পৰাৰ বাবেই ছাইবেৰিয়াৰ সীমান্তৰ পৰাই এই পক্ষীকুলে ৫১৬৯.২৫ মাইল আকাশী পথ অতিক্রম কৰি অসমলৈ আহে৷ অসমৰ লগতে উত্তৰ– পূবৰ আন ৰাজ্যলৈ উৰা মাৰে এই পক্ষীসমূহে৷ ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁও জিলাৰ কলিয়াবৰৰ জলাশয়, পিতনি, দলনি আদিত এতিয়া ভিৰ কৰিছেহি এই উৰণীয়া পক্ষীসমূহে৷ কলিয়াবৰৰ পক্ষীতীর্থ স্বৰূপ জয়সাগৰ দলনি দেশী–বিদেশী পক্ষীৰ বিচৰণস্থলী৷ এই দলনিখন কলিয়াবৰৰ ঐতিহাসিক সমল হিচাপে চিহ্ণিত হৈছে৷ শীতকালি দেশ–বিদেশৰ পক্ষীসমূহ আহি জলাশয়খনৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

প্রকৃতিপ্রেমী জয়ন্ত কুমাৰ শর্মাই জানিবলৈ দিয়া মতে এই জলাশয়খনত স্থানীয় প্রজাতিৰ লগতে পৰিভ্রমী পক্ষীৰ শতাধিক পক্ষীৰ আৱাস স্থান হিচাপে পৰিলক্ষিত হৈছে৷ প্রত্বিছৰে বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ পৰিভ্রমী চৰাইৰ এই জলাশয়লৈ আগমন ঘটে৷ এই বছৰো ইয়াৰ ব্যতিক্রম হোৱা নাই৷ ইতিমধ্যে কাক হঁাহ, বিয়েৰ পোচার্ড, থেৰজেনিয়াড পোচার্ড, পেচান টে’ল জাকান আদি জয়সাগৰৰ দলনিত বিশেষভাৱে দেখিবলৈ পোৱা যায়৷ গ্লাচিয়াচ আইবিজ, ব্লেক টেজেট আইবিজ, কমন কোট, গ্র’ লে’গ গীজ, ব্রাউন হেডেড গাল আদি বিভিন্ন দেশী–বিদেশী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰিছে জয়সাগৰ দলনি৷

স্থানীয় প্রজাতিৰ কাম চৰাই, শৰালি হঁাহ, বৰটোকোলা, হাডগিলা, শামুকভঙা, ডাউক, বগলী আদি পক্ষীৰ স্বাভাৱিক আশ্রয়স্থল এই দলনি৷ এই জয়সাগৰ দলনি পর্যটন ক্ষেত্রৰ এক উপযুক্ত স্থান হিচাপে বিবেচনা কৰাৰ স্থল আছে যদিও শেহতীয়াভাৱে বেদখলে জলাশয়টোৰ জৈৱ বিচিত্র্যৰ প্রতি ভাবুকি সৃষ্টি কৰিছে৷ শীত অহাৰ লগে লগে দেশী–বিদেশী পক্ষীৰ সোঁত বৈছে জয়সাগৰ দলনিলৈ৷ তদুপৰি জয়সাগৰ দলনি পৰিভ্রমী পক্ষীৰ বাবে প্রজননস্থলীলৈ ৰূপান্তৰ হৈছে৷

You might also like