নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চালকৰ অনুজ্ঞা–গাড়ী পঞ্জীয়নৰ দিন ৩০ জুনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ক’ভিড–১৯ সংক্রমণ প্রতিৰোধৰ বাবে সমগ্র দেশতে বলৱৎ হৈ থকা লকডাউনৰ সময়ছোৱাত ম্যাদ উকলিবলগীয়া পৰিবহণৰ অনুমতি–পত্র, চালকৰ অনুজ্ঞা–পত্র, যান–বাহনৰ পঞ্জীয়নৰ প্রমাণ–পত্র আদিৰ সময়সীমা অহা ৩০ জুন পর্যন্ত বঢ়াই দিয়া হৈছে৷ –এই কথা সদৰী কৰিছে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷

দেওবাৰে অনুষ্ঠিত এখন সংবাদ মেলত ৰাজ্য চৰকাৰে ক’ৰোনা ভাইৰাছজনিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এলানি পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্রী পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বর্তমান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সকলো বিভাগকে সম্পূর্ণ সহযোগিতাৰে কাম কৰিবলৈ নির্দেশ দিছে৷ লগতে এই সময়ত উদ্ভৱ হোৱা যিকোনো প্রত্যাহ্বান বা সমস্যা সমাধানৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈও বিষয়াসকলক নির্দেশ দিছে মুখ্যমন্ত্রী সোণোৱালে৷ সেই অনুসৰি স্বাস্থ্য বিভাগে প্রয়োজনীয় আন্তঃগাঁথনি আৰু চিকিৎসক–চিকিৎসা কর্মীৰ ব্যৱস্থা কৰিছে৷ স্বাস্থ্য বিভাগৰ উপৰি প্রধানকৈ পৰিবহণ, কৃষি, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান আদি বিভাগসমূহক সহযোগিতাৰে কাম কৰি ৰাইজৰ প্রয়োজনীয়তা পূৰণ কৰিবলৈ মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়া বুলিও তেওঁ মন্তব্য কৰে৷

মন্ত্রী পাটোৱাৰীয়ে সদৰী কৰা অনুসৰি সম্প্রতি অসম তথা উত্তৰ–পূর্বাঞ্চললৈ অত্যাৱশ্যকীয় সামগ্রীৰ যোগান অব্যাহত ৰখাৰ বাবে পৰিবহণ বিভাগে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে ভাৰতীয় ৰে’লৰ সহযোগিতাত কাম কৰি আছে৷ এই সন্দর্ভত তেওঁ কয় যে ৰাজ্যৰ ১৮খন জিলাৰ ২৮টা স্থানত ৰে’লযোগে কঢ়িওৱা সামগ্রী উঠোৱা–নমোৱা কৰা হৈছে৷ প্রতিদিনে গড়ে ১,৫০০ ট্রাকে কালি পর্যন্ত ৩৫৭ ৰেক সামগ্রী সৰবৰাহ কৰিবৰ বাবে শ্রমিকৰ ৩১,৪৩৫ কর্মদিনৰে ৪৪,৬২৪টা যাত্রা সম্পূর্ণ কৰিছে৷ এই ট্রাকসমূহে চাউল, আটা, খোৱা তেল, নিমখ, চেনি, আলু, পিঁয়াজ আদিৰ দৰে প্রয়োজনীয় খাদ্য–সামগ্রী কঢ়িয়াই নিছে৷ খাদ্য–সামগ্রী প্রয়োজন অনুসাৰে উপলব্ধ কৰিবৰ কাৰণে অসমলৈ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ বাবে ভাৰতীয় খাদ্য নিগমৰ (এফ চি আই) ১৭৯ ৰেক খাদ্য–সামগ্রী অনা হৈছে৷ এই ৰেকসমূহেৰে ৪.৭ এল এম টি চাউল আৰু ০.২১ এল এম টি ঘেঁহু অনা হৈছে৷

ইয়াৰে ৩.৭৫ এল এম টি চাউল আৰু ০.১৪ এল এম টি ঘেঁহু অসমৰ বাবে৷ ইয়াৰ উপৰি ০.২৭ এল এম টি চাউল কঢ়িয়াই ২১টা ৰেক অসমলৈ আহি আছে৷ পৰিবহণ বিভাগৰ বিষয়া–কর্মচাৰীসক অবিৰতভাৱে কাম কৰি থকাৰ কাৰণে অসমত অত্যাৱশ্যকীয় সামগ্রীৰ নাটনি হোৱা নাই বুলি মন্ত্রী পাটোৱাৰীয়ে দাবী কৰে৷ ক’ভিড–১৯ প্রতিৰোধৰ বাবে কাম কৰি থকাসকলৰ সুবিধাৰ কাৰণে অসম ৰাজ্যিক পৰিবহণ নিগমে ২১১খন বাছ আগবঢ়াইছে আৰু এই বাছসমূহে ৰাজ্যখনৰ বিভিন্ন জিলা প্রশাসন, চিকিৎসালয়, আৰক্ষী আৰু পৌৰ নিকায়সমূহলৈ সেৱা আগবঢ়াই আছে বুলিও তেওঁ জানিবলৈ দিয়ে৷

You might also like