নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাত নকল সোণৰ নাওসহ তিনিজনক আটকঃ নাওবৈচাত অব্যাহত নকল সোণৰ ৰমৰমীয়া বেহা

নিয়মীয়া বাৰ্তা   ২৮ অক্টোবৰ :- লখিমপুৰ আৰক্ষীৰ ছত্ৰছাঁয়াত নকল সোণৰ ব্যৱসায় চলায় থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

নিশা মূৰ্কংচেলেকৰ পৰা গুৱাহাটী অভিমূখি ট্ৰেইনত নকল সোন সহ তিনিজনক আটক।

ঘটনা অনুসৰি দূৰ্নীতি বিৰুধী যুৱশক্তি অসমৰ লখিমপুৰ জিলা সমিতিয়ে এক গোপন সুত্ৰৰ পম খেদি মূৰ্কংচেলেকৰ পৰা গুৱাহাটী অভিমূখি ট্ৰেইনত লখিমপুৰ জিলাৰ নাওবৈছাৰ তিনিজন যুৱকে নকল সোনৰ নাওঁ বিক্ৰীৰ বাবে লৈ যোৱাৰ সম্ভেদ পায়।উক্ত খৱৰৰ ভিত্তিত সংগঠনটোৰ বিষয়ববীয়া সকলে যোৱা নিশা ট্ৰেইনখনত থকা তিনিজন যুৱকৰ ওপৰত সন্দেহ হোৱাত হাৰমতী ৰেলষ্টেচনত যুৱক কেইজনক সোধ পোছ কৰাত সকলো তথ্য পোহৰলৈ আহে।নাওবৈচাৰ লালুক কৰুনাবাৰীৰ ছৰিবুল আৰু চহৰআলিৰ লগতে ৰিজাৰ্ভ গাৱৰ চাহাৱুদ্দিনৰ পৰা নকল সোনৰ নাওঁ আৰু বিস্কুত জব্দ কৰাৰ লগতে যুৱক কেইজনক আটক কৰি ৰেল আৰক্ষীক গটাই দিয়ে।
বৰ্তমান ৰেল আৰক্ষীয়ে যুৱক কেইজনক ৰঙিয়াৰ ৰেল আৰক্ষী থানাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক নিতুল বৰা

You might also like