নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগৰ কিশোৰী ইউটিউবাৰ ছানিয়া আখতাৰৰ মৃত্যু হোৱা বুলি একাংশ সংবাদ মাধ্যমৰ বাতৰি প্ৰচাৰ

নিয়মীয়া বাৰ্তা৪ নবেম্বৰঃ বৰপেটা জিলাৰ সৰভোগৰ এগৰাকী প্ৰতিভাৱান কিশোৰী ইউটিউবাৰ ছানিয়া আখতাৰৰ মৃত্যু নৌহওতেই একাংশ সংবাদ মাধ্যমে ইতিমধ্যে ইউটিউবাৰ গৰাকীৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰচাৰ কৰিছে ৷ ইয়াৰ পিছতে কিশোৰী গৰাকী এতিয়া আচৰিত হৈ পৰিছে। উল্লেখ্য যে যোৱা ৩১ অক্টোবৰত দৰং জিলাৰ বেছিমাৰীত এক পথ দুৰ্ঘটনাত ৫ গৰাকী লোকৰ মৃত্যু হৈছিল ৷
উক্ত দুৰ্ঘটনাটোত ছানিয়া আখতাৰ নামৰ এগৰাকী ইউটিউবাৰৰো মৃত্যু হৈছিল ৷ কিন্তু একাংশ সংবাদ মাধ্যমে সৰভোগৰ ছানিয়া আখতাৰকে মৃত্যু হোৱা ছানিয়া আখতাৰ হিচাপে ভুল বুজি সৰভোগৰ ছানিয়া আখতাৰৰ আলোকচ্চিত্ৰ ব্যাৱহাৰ কৰি বাতৰি প্ৰচাৰ কৰি আছিল। এই ঘটনাৰ পাছতে সৰভোগৰ ছানিয়া আখতাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এনে কাৰ্য্যই তেওঁলোকৰ পৰিয়ালৰ লোকক মানসিকভাৱে কষ্ট দিছে বুলি উল্লেখ কৰে। লগতে ইউটিউবাৰ গৰাকীয়ে দুবছৰ পূৰ্বে এক পথ দূৰ্ঘটনাত নিজৰ পিতৃৰ মৃত্যু হোৱা বুলি জনায় ৷ আজি সৰভোগৰ ছানিয়া আখতাৰে সংবাদ মাধ্যমক সমূহক অতিশীঘ্ৰে তেওঁৰ ভিডিঅ’ আৰু ফটো সমূহ ডিলিট কৰি প্ৰকৃত বাতৰি পৰিৱেশন কৰাৰ বাবে আহ্বান জনায় ।

You might also like