নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত ধানৰ উৎপাদন হ্রাসৰ আশংকাঃ চিন্তিত কৃষক

নিয়মীয়া বাৰ্তা, ২ মেঃ সমগ্র দেশৰ লগতে ৰাজ্যখনত ঘোষণা কৰা লকডাউনৰ সময়ত আটাইকে বেছি ক্ষতিগ্রস্ত হৈছে কৃষকসকল৷ কৃষিকর্মৰে কৃষি অর্থনীতি মজবুত কৰিবলৈ সক্ষম হোৱা গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্রৰ অন্তর্গত বৃহত্তৰ টিপলাই, শিমলীতোলা, পদুপাৰা অঞ্চলত হাজাৰ হাজাৰ বিঘা কৃষিভূমিত উন্নত প্রজাতিৰ ধানৰ খেতি কৰি কৃষকসকল স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷ বানবিধ্বস্ত জিলাখনত প্রতিবছৰে বানে কৃষকৰ সপোনৰ ধাননিপথাৰৰ ধান নষ্ট কৰাৰ পিছত একাংশ কৃষক একপ্রকাৰ মানসিকভাৱে ভাগি পৰাৰ লগতে কৃষি বৃত্তিটোকে ত্যাগ কৰি অন্য কর্মত নিয়োজিত হৈছিল৷

ইয়াৰ মাজতে একাংশ কর্মদ্যোমী কৃষকে খৰালিৰ পথাৰত কৃষিকার্য সম্পন্ন কৰি বাৰিষাৰ আগতে ঘৰ চপাব পৰা ইৰি, বৰো ধানৰ সংকৰণ বীজেৰে খেতি কৰিবলৈ লৈ অধিক ধান উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ পিছত বহু কৃষক এই উন্নত প্রজাতিৰ ধানৰ খেতি কৰিবলৈ আগ্রহী হ’বলৈ ধৰে৷ এইবেলিওবৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত ইৰি, বৰোধানৰ খেতি কৰিছিল৷ অতি কম দিনৰ ভিতৰতে লহপহকৈ বাঢ়ি অহা ধাননিপথাৰত যোৱা মার্চ মাহৰ ২৪ তাৰিখৰ পৰা আহ্বান জনোৱা লকডাউনৰ সময়ত সাৰৰ দোকানসমূহবন্ধ থকাৰ ফলত কৃষকসকলে সময়মতে সাৰ, কীটনাশক দবৰ প্রয়োগ কৰিব নোৱাৰাৰ বাবে এইবেলি ধানৰ উৎপাদন পূর্বৰ তুলনাত বহু পৰিমাণে হ্রাস পোৱাৰ সম্ভাৱনা আছে৷

একাংশ কৃষকে নিজৰ কৃষিভূমিত এই কৃষিকার্য কৰাৰ লগতে একাংশ কৃষকে মহাজনৰ পৰা আধিত মাটি লৈ এই কৃষি কৰে৷ ইয়াৰ উপৰি খৰালিৰ সময়ত এই কৃষিকার্য সম্পন্ন কৰিব লগা হোৱা বাবে পানী যোগান ধৰা, হাল বোৱা, কঠীয়া সিঁচাৰ নামত আগতীয়াকৈ অধিক খৰচ কৰিবলগীয়া হয় কৃষকসকল৷ যাৰ বাবে উৎপাদন হ্রাস পোৱাৰ লগে লগে ক্ষতিগ্রস্ত কৃষকৰ অৱস্থা পানীত হঁাহ নচৰা অৱস্থা হৈ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ একাংশ কৃষকে আক্ষেপেৰে সংবাদ মাধ্যমক কয় যে কৃষি অর্থনীতিৰ ওপৰত নির্ভৰশীল ৰাজ্যখনত অন্ততঃ কৃষকসকলক প্রয়োজনীয় সামগ্রীসমূহ ক্রয় কৰাৰ বাবে সাৰ তথা কীটনাশক দবৰ বিক্রী কৰা দোকানসমূহ খোলা ৰাখিবলৈ অনুমতি প্রদান কৰিব লাগিছিল৷ সময়ৰ কাম সময়ত কৰিব নোৱাৰিলে সুফল আশা কৰাটো সম্ভৱ নহয়৷

কৃষকসকলেও সময় মতে সাৰ, কীটনাশক দৰব, পানী যোগান ধৰিব নোৱাৰাৰ বাবে ধানৰ উৎপাদন হ্রাস পোৱাৰ চিন্তাত ভাত–পানী পেটলৈ নোযোৱা অৱস্থা হৈছে৷ যাৰ ফলত একমাত্র কৃষিকর্মকে স্বাৱলম্বনৰ একমাত্র আহিলা হিচাপে লোৱা কৃষকসকলে অনাগত দিনৰ কথা চিন্তা কৰি হতাশাত ভুগিব লগা হৈছে৷ এদিন হয়তো মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ হ’ব, কিন্তু এই দুর্ভগীয়া কৃষকসকলৰ দুখ মোচন কৰাৰ বাবে চৰকাৰ তথা কৃষি বিভাগে কি পদক্ষেপ গ্রহণ কৰিব, সেয়া লক্ষণীয় হ’ব৷

You might also like