ড্রাগ্ছ সেৱনৰ বাবে আঢ়ৈ বছৰীয়া পুত্রক বিক্রী পাষাণ পিতৃৰ
নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ এজন ড্রাগ্ছ আসক্তই ড্রাগ্ছ ক্রয় কৰাৰ বাবে নিজৰ সা–সম্পত্তি বিক্রী কৰা শুনিছে৷ কিন্তু ড্রাগ্ছ কিনিবৰ বাবে নিজ কণমানি পুত্র সন্তানক পিতৃয়ে বিক্রী কৰা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই অসমতে৷ ড্রাগ্ছ ক্রয় কৰাৰ বাবে নিজৰ আঢ়ৈ বছৰীয়া পুত্র সন্তানক পিতৃয়ে বিক্রী কৰা এই নোহোৱা–নোপজা ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটত৷ বৰবডী গাঁৱৰ আমিনুল ইছলাম নামৰ ড্রাগ্ছ আসক্ত পিতৃয়ে নিজৰ পুত্রক অঞ্চলটোৰ গৰৈমাৰীৰ ছাজিদা খাতুন নামৰ এগৰাকী মহিলাৰ ওচৰত ৪০ হাজাৰ টকাত বিক্রী কৰিছিল৷
ইফালে এই সন্দর্ভত শুকুৰবাৰে আমিনুল ইছলামৰ পত্নী তথা বিক্রী কৰা শিশুটিৰ মাতৃ ৰুকমিনা বেগমে লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰিছিল৷ ইতিমধ্যে আৰক্ষীয়ে ড্রাগ্ছ আসক্ত আমিনুল ইছলাম আৰু ছাজিদা খাতুনক আটক কৰিছে৷ আনহাতে, আৰক্ষীয়ে শিশুটিক মহিলাগৰাকীৰ কবলৰ পৰা উদ্ধাৰ কৰি মাতৃ ৰুকমিনাৰ হাতত চমজাই দিয়ে৷ এই ঘটনাই সমগ্র লাহৰীঘাট অঞ্চলত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ পত্নী ৰুকমিনা বেগমৰ অভিযোগ মতে, পূর্বৰে পৰা আমিনুল ইছলাম ড্রাগ্ছ সেৱন আৰু ব্যৱসায়ৰ লগত জডিত৷ ড্রাগ্ছ সেৱনৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰি অহাৰ পাছতো আমিনুলে ড্রাগ্ছ সেৱন কৰা বাদ দিব পৰা নাই৷
ইয়াকে লৈ কাজিয়া লাগি ৰুকমিনা বেগম সন্তানসহ চাৰি মাহ নিজ মাকৰ ঘৰত আশ্রয় লৈ আছে৷ তিনি দিন পূর্বে ড্রাগ্ছ আসক্ত আমিনুল ইছলামে আধাৰ কার্ড বনোৱাৰ উদ্দেশ্য নিজ পুত্রক মাকৰ পৰা লৈ আহে৷ পিছদিনা নিজ পুত্র বাবে ৰুকমিনাই ফোনত যোগাযোগ কৰাত আধাৰ বনোৱা হোৱা নাই বুলি আমিনুলে কয়৷ কালি নিজ কণমানি পুত্রক বিচাৰি ৰুকমিনা আমিনুলৰ ঘৰত গৈ দেখে যে আমিনুলৰ লগতে সন্তানটিও নাই৷ তেতিয়া ওচৰ–চুবুৰীয়াক সোধাত কয় যে গৰৈমাৰীৰ এগৰাকী মহিলাই শিশুটিক লৈ গৈছে৷ লগে লগে ৰুকমিনাৰ লগতে পৰিয়ালৰ লোক মহিলাৰগৰাকীৰ ঘৰত গৈ নিজৰ শিশুটিক আনিব বিচাৰে যদিও ৪০ হাজাৰ টকাৰ বিনিময়ত আমিনুলে শিশুটিক বিক্রী কৰা বুলি জনায়৷ ৪০ হাজাৰ টকা দিলেহে শিশুটিক ওভতাই দিব বুলি ছাজিদা বেগম নামৰ মহিলাগৰাকীয়ে কয়৷ এই সমস্ত ঘটনা সন্দর্ভত ৰুকমিনা বেগমে থানাত এজাহাৰ দিয়াত লাহৰীঘাট আৰক্ষীয়ে ছাজিদা বেগমৰ পৰা শিশুটিক উদ্ধাৰ কৰি মাতৃ ৰুকমিনাক চমজাই দিয়াৰ লগতে দুয়োকে গ্রেপ্তাৰ কৰে৷ এই চাঞ্চল্যকৰ ঘটনা সন্দর্ভত লাহৰীঘাট থানাৰ ভাৰপ্রাপ্ত বিষয়াই কয় যে আমিনুল ইছলাম ড্রাগ্ছৰ লগত জডিত থকাটো সঁচা, কিন্তু নিজ পুত্রক বিক্রী কৰাৰ দৰে ভয়ংকৰ ঘটনাৰ তদন্ত অব্যাহত আছে৷