ছয়গাঁৱৰ গৰৈমাৰীত ড্ৰাগছ ব্যৱসায়ী মহিলা গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীয়ে আজি বিয়লি এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই গৰৈমাৰী সত্ৰৰ হাচিনা আখতাৰ নামৰ এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে আৰক্ষীৰ অভিযানৰ কথা গম পাই মহিলাগৰাকীৰ স্বামী আলম আলী পলায়ন কৰে।
ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, ড্ৰাগছ ব্যৱসায়ৰ লগত জৰিত আলম আলীক আৰক্ষীয়ে পূৰ্বতে ড্ৰাগছৰ ব্যৱসায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠিয়াইছিল ৷ কিন্তু জে’লৰ পৰা ওলাই আহি পত্নীৰ সৈতে মিলি পুনৰ অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰে।
ছয়গাঁও আৰক্ষীয়ে ধৃত হাচিনা আখতাৰৰ বিৰুদ্ধে ৯৫১/২০২০ নম্বৰত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা চলাই আছে। আৰক্ষীয়ে জনোৱা মতে, এই ড্ৰাগছ ব্যৱসায়ৰ লগত আৰু কেইবাজনো লোক জড়িত আছে আৰু বহুদিনৰ পৰাই এই চক্ৰটোৱে অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আছে।