নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সাগৰমালা’ : গুৱাহাটীৰ ৫ তীর্থস্থান ভ্ৰমণৰ বাবে ব্রহ্মপুত্রৰে চলিব ফেৰী

বিশেষ বাৰ্তা, ১২ জানুৱাৰীঃ গুৱাহাটীৰ পাঁচ তীর্থস্থান কামাখ্যা মন্দিৰ, অশ্বক্লান্ত, উমানন্দ, দৌল গোবিন্দ আৰু পাণ্ডুনাথ মন্দিৰলৈ ব্রহ্মপুত্র নদীৰে ‘সাগৰমালা’ৰ অধীনত ফেৰী চলাচলৰ বাবে জনতা ভৱনত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্রহণ কৰে৷ প্রতি ২০–৩০ মিনিটৰ মূৰে মূৰে একোখনকৈ ফেৰী চলাচল উক্ত চার্কিটৰ মাজত হৈ থাকিব৷ কেবিনেট বৈঠকৰ অন্তত মন্ত্রী জয়ন্তমল্ল বৰুৱাই এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে ‘সাগৰমালা’ ডেভেলপমেণ্ট কোম্পানী, অসম পর্যটন উন্নয়ন নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সহযোগত ব্রহ্মপুত্রকেন্দ্রিক ধর্মীয় পর্যটনৰ বিকাশৰ বাবে উক্ত পাঁচখন তীর্থস্থানলৈ ফেৰী সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ তদুপৰি ব্রহ্মপুত্রৰ পৰা কামাখ্যা মন্দিৰলৈ দুই–তিনি মিনিটৰ ভিতৰতে উঠি অহাৰ বাবে লিফটজাতীয় প্রযুক্তিৰ ব্যৱস্থা থাকিব৷ এই সমগ্র প্রকল্পটোৰ অসম পর্যটন উন্নয়ন নিগমৰ ৪৫ শতাংশ অংশীদাৰিত্ব থাকিব৷

You might also like