বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ
নিয়মীয়া বার্তা, ১০ আগষ্ট : হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আজি নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। হোজাইৰ বিধায়ক গৰাকীয়ে বিশিষ্ট সাহিত্যিক প্ৰয়াত চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে কেইদিনমান পূৰ্বে কেতবোৰ আপত্তিজনক মন্তব্য কৰিছে। ইয়াক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বিধায়ক গৰাকীৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সম্পাদক আবু বক্কৰ ছিদ্দিকে কয়, “বিধায়ক গৰাকীয়ে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যৰে অসমত শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰি আহিছে। শেহতীয়াভাৱে তেওঁ অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি চৈয়দ আব্দুল মালিকক জেহাদী বুলি আখ্যা দি অসমীয়া জাতিক অপমান কৰিছে। সেয়ে আমি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আজি নগাওঁ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। আশা ৰাখিছোঁ আৰক্ষীয়ে এই ক্ষেত্ৰত তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। অন্যথা আমি ব্যাপক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম।”