মাৰ্ঘেৰিটাত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ টিৰাপ স্বায়ত্ত শাসিত জিলা দাবী সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
বাৰেবৰণীয়া ৮ জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য-গীতৰ অনুষ্ঠানেৰে মুখৰিত হৈ পৰে মাৰ্ঘেৰিটা কুমচাইকং। মুকলি সভাত অঞ্চলটোৰ জনগোষ্ঠীয় ৰাইজৰ দীৰ্ঘদিনীয়া দাবী টিৰাপ জনগোষ্ঠীয় অঞ্চলত স্বায়ত শাসিত এলেকা হিচাপে ঘোষণা কৰা বিষয়টো পুনৰ প্ৰবল ৰূপত উত্থাপন হয়।
মুখ্য অতিথি হিচাপে মুকলি সভাত উপস্থিত থকা মন্ত্ৰী চন্দন ব্ৰহ্মই ভাষণ প্ৰসংগত কয় যে টিৰাপ স্বায়ত্ত শাসিত জিলা দাবী সমিতিৰ দাবী সমূহ চৰকাৰে পৰ্যালোচনা কৰি আছে , মাৰ্ঘেৰিটাত স্থাপন হ’ব লগা ট্ৰাইবেল গেষ্ট হাউচৰ বাবে ধন মুকলি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব, তথা ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা জনগোষ্ঠীয় জীয়ৰী তুখিং টিখাকৰ পৰিয়ালক ক্ষতিপূৰণ ক্ষেত্ৰত অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
মুকলি সভাত চিংফৌ ৰজা বিচা নং চিংফৌ, সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোণোৱাল, ৮ জনগোষ্ঠীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ মানজে লাসহ বহুকেইগৰাকী জনগোষ্ঠীয় নেতাই মুকলি সভাত অংশগ্ৰহণ কৰাৰ লগতে মাৰ্ঘেৰিটাৰ টিৰাপ অঞ্চলৰ প্ৰায় সংখ্যক নৃ-জনগোষ্ঠীয় লোক সকলৰ জনগোষ্ঠীয় সাংস্কৃতিক পৰম্পৰাগত নৃত্য গীত পৰিৱেশ কৰা হয়।