মৎস্য পালনেৰে নিদর্শন দেখুৱাইছে ৰঙিয়াৰ পবন–নাৰায়ণে
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ মহামাৰী ক’ৰোনাৰ সংকটৰ বাবে চলি থকা দীর্ঘদিনীয়া লকডাউনৰ সময়ত বহু লোকে উপার্জনৰ পথ হেৰুওৱাবলগীয়া হৈছে৷ এনে এক দুর্যোগৰ সময়তে সংস্থাপন হেৰুওৱা ৰঙিয়াৰ দুই কর্মঠ যুৱকে স্বাৱলম্বিতাৰ পথ বাচি উলিয়াবলৈ সক্ষম হৈছে ৷ এই দুগৰাকী যুৱক হ’ল গুৰকুছিৰ নাৰায়ণ দাস আৰু বিছেন্নালাৰ পবন কলিতা৷ দুয়োজনে বিছেন্নালা অঞ্চলৰ এটি পৰিত্যক্ত ৰাজহুৱা পুখুৰী ‘লীজ’ত লৈ মৎস্য পালন আৰম্ভ কৰে৷ পুখুৰীটোৰ মাছ বিক্রী কৰি বছৰেকত প্রায় দুই লাখ টকা উপার্জন কৰিবলৈ সক্ষম হ’ব বুলি দুয়োগৰাকীয়ে আশা প্রকাশ কৰিছে৷
ইতিমধ্যে পুখুৰীটোৰ পাৰত বিভিন্ন শাক–পাচলি আৰু ফলমূল ৰোপণ কৰিছে৷ সম্পূর্ণ জৈৱিক পদ্ধতিত উৎপাদন কৰা শাক–পাচলি আৰু ফলমূল বিক্রী কৰি ১৫ৰ পৰা ২০ হাজাৰ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷ মীন আৰু কৃষি বিভাগৰ পৰা প্রশিক্ষণ লাভ কৰি চৰকাৰী অনুদান লাভ কৰিলে আৰু অধিক লাভ কৰিবলৈ সফল হ’ববুলি তেওঁলোকে জানিবলৈ দিয়ে৷ লকডাউনৰ আৰম্ভণিতে সংস্থাপন হেৰুওৱা এই যুৱক দুজনে এনেদৰে কর্মসংস্কৃতিৰ পৰিচয় দি নতুনকৈ সংস্থাপনৰ বাট মোকলাই অনাৰ বাবে নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷