তিনিচুকীয়া জিলাত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা
নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল:: অসম চৰকাৰৰ মীন নীতি, ১৯৫৩ (সংশোধিত ২০০৫ ) অনুসৰি সমগ্র তিনিচুকীয়া জিলাতে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে কণী আৰু পোণা ধাৰণ কৰা মাছ আৰু ১ আগষ্টৰ পৰা ৩১ অক্টোবৰ পৰ্য্যন্ত অপৈনত অৱস্থাত থকা মাছ ধৰা অথবা বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি সমগ্ৰ জিলাতে ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে ৭/১৪ ছে: মিটাৰতকে কম পাহিৰ বৰজাল, মহাজাল, ফাঁচীজাল বা কোনো জাল মৰা বা মাছ ধৰা নিষেধ কৰা হৈছে। ১.২ ছে. মিটাৰতকৈ কম ঘৰৰ আকাৰৰ মছৰি জাল গোটেই বছৰ ধৰি নিষিদ্ধ কৰা হৈছে। ফিচাৰী আইন আৰু বিধিৰ ২৩(এ) ধাৰা অনুসৰি মাছৰ প্ৰজনণৰ সময়ছোৱা ১ মে’ পৰা ১৫ জুলাইলৈকে ৰৌ, বাহু, মিৰিকা, মালি, চিতল, পিঠিয়া, ঘৰিয়া আৰু কুঢ়ি প্ৰজাতিৰ কণী থকা মাছ ধৰা আৰু বিক্ৰী কৰাটো নিষিদ্ধ কৰা হৈছে। আনহাতে, ১ আগষ্টৰ পৰা ৩১ অক্টোবৰ লৈকে ২৩ ছে:মিটাৰতকৈ কম দৈৰ্ঘ্যৰ ৰৌ, বাহু, মিৰিকা, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া আদি আৰু ১০ ছে:মি: দৈৰ্ঘ্যতকৈ কম দৈৰ্ঘ্যৰ মালি, ভাঙোন, কুঢ়ি আদি মাছ খাবৰ বাবে অথবা বিক্ৰী কৰাটো নিষিদ্ধ কৰা হৈছে। এই আদেশ ভংগ কৰিলে অসম মীন আইনৰ ২২ নং আৰু ৪১ নং ধাৰা অনুসৰি আদেশ ভঙ্গকাৰী সকলক জৰিমনা বিহাৰ লগতে ব্যৱহাৰ হোৱা জাল, অন্যান্য মাছ ধৰা সঁজুলি আদি বাজেয়প্ত কৰা হ’ব৷ ইয়াৰ উপৰিও ভাৰতীয় মীন আইন ১৮৯৭ ধাৰা ৭(১), মীন আইন ১৯৫৩ চনৰ ২৭ নং ধাৰা অনুসৰি উক্ত আইন ভঙ্গকাৰীক গ্রেপ্তাৰ কৰাৰ উপৰিও বিহিত শাস্তি প্রদান কৰা হ’ব।
প্ৰেৰক:-বিবেক বড়া