আধাৰ কার্ড প্রস্তুতত অনিয়মঃ বৰপেটাত পাঁচ যুৱকক জে’ললৈ প্রেৰণ
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ আধাৰ কার্ড প্রস্তুতৰ নামত একাংশই অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অনিয়ম সংঘটিত হোৱা অভিযোগৰ ভিত্তিতে কালি বৰপেটাৰ ধানবন্ধা গাঁৱত বৰপেটা সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায়৷ এই অভিযানতে আৰক্ষীয়ে ৫জন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে যুৱককেইজনে ধনৰ বিনিময়ত ধানবন্ধা গাঁৱত আধাৰ প্রস্তুতৰ কাম কৰিছিল৷ ধৃত যুৱককেইজন হৈছে মোজ্জামিল খান, নাছিৰউদ্দিন, ছাহজাহান আলী, আইনাল হক আৰু ছাইদুল ইছলাম৷ আনহাতে, বাবুল নামৰ আন এজন যুৱক পলাই সাৰে৷ আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে, আধাৰ অপাৰেটৰ আইনাল হকৰ ঘৰত নিশা ১১ বজালৈকে কাম কৰি আছিল যুৱককেইজনে৷
নিয়ম অনুসৰি, পঞ্চায়ত কার্যালয় অথবা ৰাজহুৱা স্থানত কৰিব লাগে আধাৰ প্রস্তুতৰ কাম৷ ধৃত যুৱককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰাৰ পিছত আজি আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷