নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেচাকি চাপৰিৰ তিনিখন গাঁৱৰ বিঘাই বিঘাই বাও খেতি পুতিলে ব্ৰহ্মপুত্ৰৰ বালি, পলসে

নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানত জোনাই ৰাজহ চক্ৰৰ লাইমেকুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মেচাকি চাপৰিৰ তিনিখন গাঁৱৰ বিঘাই বিঘাই বাও খেতি পুতিলে বালি, পলসে।

মেচাকি চাপৰিৰ ৰুমৈ ৰুমৈ গাঁৱৰ দিলিপ বসুমতাৰী, কৰেন্দ্ৰ বৰ্মণ, অমৰ বসুমতাৰী, সোনাৰাম বসুমতাৰী, বীৰেন্দ্ৰ বৰ্মণ, চিঙ্গাপুৰ গাঁৱৰ লনা সূত্ৰধৰ, নৰেণ সূত্ৰধৰ, বিজয় সূত্ৰধৰ, কৰেণ বসুমতাৰী, আন’ চাপৰি গাঁৱৰ লক্ষ্যনাথ পায়েং, প্ৰভা পেগু, ভাস্কৰ দলে, দামোদৰ দলে, হৰকান্ত মিলি, নন্দ কুলি,সমূদ্ৰ কুলি, অমিন্দ্ৰ পেগুৰ প্ৰতিগৰাকী খেতিয়কৰ পাঁচৰ পৰা দহ বিঘাকৈ বাও ধানৰ খেতিত তৰপে তৰপে ব্ৰহ্মপুত্ৰৰ বানত বালি আৰু পলসে পুতি পেলায়। সকলো দিশতে অতি পিচপৰা চৰ চাপৰি অঞ্চলৰ গাঁৱকেইখনৰ শস্য পথাৰত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰি পেলোৱাৰ ফলত বানপীড়িত অঞ্চলৰ খেতিয়কৰ মাজত দুৰ্দশা কোলাই পাচিয়ে নধৰা অৱস্থাৰ সৃষ্টি হৈছে ।

You might also like