নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; নগাঁৱৰ ভূৰবন্ধা-বৰঘুলি-বগামুখত বানৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ২৭ জুন : বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে নগাওঁ জিলাৰ ভূৰবন্ধা আৰু বৰঘুলি অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভূৰবন্ধা বজাৰ গাওঁ, ২নং , ৪ নং ভূৰবন্ধা, ৪ নং, ৫ নং, ৬ নং, ৭ নং বগামুখ আৰু ২ নং, ৩ নং বৰঘুলি গাঁও কেইখন সম্পূৰ্ণ ৰূপে প্লাৱিত কৰিছে। এই গাঁও কেইখনৰ কেইবা সহস্ৰাধিক লোক বানৰ কৱলত পৰিছে। বহু পৰিয়ালৰ ঘৰ-বাৰী বানপানীয়ে প্লাৱিত কৰিছে।

ইতিমধ্যে বানাক্ৰান্ত পৰিয়াল সমূহে ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে আৰু কেইবাশ পৰিয়ালে মাথাউৰি আৰু ৰিং বান্ধত আশ্ৰয় লৈছে। বানাক্ৰত পৰিয়াল সমূহক প্ৰশাসনে কোনো সাহাৰ্য্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। ইপিনে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্য দুখনৰ প্ৰায় ৭০% বানৰ কৱলত পৰিছে। ফলত অভয়াৰণ্য দুখনৰ জীৱ-জন্তুৱে ওখ স্থানত আশ্ৰয় লৈছে। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ এক বিস্তৃত এলেকা । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাত উদ্যানখন ভয়াৱহ বানৰ কৱলত পৰাৰ সম্ভাৱনা বৃদ্ধি হৈছে। উদ্যান খনৰ ৬০টাৰো অধিক বনশিবিৰ এতিয়া বানৰ কৱলত। বানৰ ফলত নিৰাপদ আশ্ৰয় বিচাৰি বিশ্বখ্যাত এশিঙীয়া গঁড়কে ধৰি বিভিন্ন জীৱ-জন্তু ওখ ঠাই আৰু খাদ্যৰ সন্ধানত ঢাপলি মেলিছে।

 ইতিমধ্যে উদ্যানখনৰ দক্ষিণ দিশে থকা ৩৭ নং ৰাষ্ট্রীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশলৈ বন্যপ্ৰাণী সমূহ যাবলৈ আৰম্ভ কৰিছে। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অংশত চলাচল কৰা যান সমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে বেৰীকেট স্থাপন কৰাৰ লগতে গতি নিয়ন্ত্ৰণ কৰাৰ বাবে টাইম কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি সন্ধিয়া ৬ বজাৰ পৰা এই ব্যৱস্থা বলৱৎ হৈছে। নগাওঁ জিলাৰ কলিয়াবৰৰ আমগুৰিৰ পৰা বোকাখাতৰ পানবাৰী লৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ এই পথছোৱাত নিয়ন্ত্ৰিত গতিত যান-বাহন সমূহ চলাব লাগিব। অন্যথা বন বিভাগৰ অভিযোগৰ ভিত্তিত পৰিবহন বিভাগে নিৰ্দেশনা উলংঘা কৰা যান-বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উদ্যান কৰ্তৃপক্ষই সকলোকে সতৰ্ক কৰি দিছে। কলিয়াবৰ আৰু বোকাখাত মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰী কৰি ইতিমধ্যে এই সন্দৰ্ভত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে।

  জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সাম্প্ৰতিক বানৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষক সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে। ওখ ঠাই বিচাৰি আৰু খাদ্যৰ সন্ধানত উদ্যানখনৰ পৰা ওলাই যোৱা বন্যপ্ৰাণীৰ যাতে কোনো হানি বিঘিনী নহয় তাৰ বাবে সম্ভাৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইপিনে জিলাখনৰ কপিলী, ননৈ , হাৰিয়া, নিশাৰী, কলং আদি নৈৰ জলপৃষ্ঠও বৃদ্ধি হৈছে।

You might also like