নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ ৭০০ বন্যাৰ্তলৈ সাহাৰ্য নৰ্থষ্টাৰ্ণৰ

নিয়মীয়া বাৰ্তা ৭ আগষ্ট: বানে ধোঁৱা জোনাইৰ বন্যাৰ্তসকলৰ প্ৰতি মানৱীয়তা নিদৰ্শন দাঙি ধৰিলে দেশৰ বিভিন্ন ৰাজ্যত অধ্যয়নৰ অসমীয়া ছাত্ৰ-ছাত্ৰীক লৈ গঠন কৰা নৰ্থষ্টাৰ্ণ নামৰ সংস্থাটোৱে। বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰা জোনাইৰ সহস্ৰাধিক বন্যাৰ্তক বান সাহাৰ্য প্ৰদান কৰে নৰ্থষ্টাৰ্ণে।

লকডাউনৰ পিছৰে জীৱিকাৰ বাট ৰুদ্ধ হৈ পৰা বানাক্ৰান্ত অঞ্চলৰ লোকসকলৰ মাজত অৰ্থনৈতিকভাৱে কোঙা হৈ পৰিছে। এসাজ খাই এসাজ লঘোণে থকা বন্যাৰ্তসকলৰ প্ৰতি নৰ্থষ্টাৰ্ণে দেখোৱা এই সহমৰ্মিতাই বন্যাৰ্তসকলৰ মুখত এমোখোৰা হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। নৰ্থষ্টাৰ্ণ নামৰ সংস্থাটোৰ উপ-সভাপতি প্ৰণৱ কলিতা, সাধাৰণ সম্পাদক প্ৰাচুৰ্য বৰগোহাঁই, বিৰাজ গগৈ, ধ্ৰুৱ ভূঞা, ইমন ফুকন আৰু যুগান্ত কোঁৱৰৰ নেতৃত্বত যোৱা দলটোৱে জোনাইৰ বানাক্ৰান্ত অঞ্চল কবুচাপৰিৰ ৫ খন গাঁও আৰু বেৰাচাপৰিৰ ১৫ খন গাঁৱৰ মাজত বিতৰণ কৰে সাহাৰ্য সামগ্ৰী। নৰ্থষ্টাৰ্ণৰ দলটোৱে বন্যাৰ্তসকলৰ মাজত চাউল, দাইল, মুৰি, আলু, নিমখ, মিঠাতেল, বিস্কুট, চাবোন, অ’ আৰ এছ, মাক্স, চেনিটেৰী নেপকিন, ফেনাইল, বেণ্ড এইডছ, আঠুৱা, মম আদি বিতৰণ কৰা হয়। উল্লেখ্য যে, শিক্ষাৰ্থীৰ দলটোৱে কবুচাপৰিৰ ১৫২ আৰু বেৰাচাপৰিৰ ৫০০ পৰিয়ালক এই সামগ্ৰীসমূহ বিতৰণ কৰাৰ কথা নৰ্থষ্টাৰ্ণৰ জানিবলৈ দিয়া হৈছে।

You might also like