নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত টেট শিক্ষক সমাজে বিলালে বানসাহায্য

আজিও জোনাইত বানাক্ৰান্ত ৰাইজ মথাউৰিৰ ওপৰত

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ চিয়াং নৈৰ প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰিলে জোনাইৰ অৰ্ধশতাধিক গাওঁ৷ লক্ষাধিক লোক আজিও গৃহহাৰা৷ আশ্ৰয় লৈছে মথাউৰি নাইবা ওখ স্থানত৷ ঘৰ বাৰী, খেতি পথাৰ সকলো হেৰুৱাই বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ অৱস্থা৷ এইবাৰ বানত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বেৰাচাপৰিৰ বৃহত্তৰ অঞ্চল৷ আজি পৰ্যন্ত শতাধিক লোক মথাউৰিৰ ওপৰত আশ্ৰয় লয় আছে৷ এই মথাউৰিৰ ওপৰত আশ্ৰয় লোবা লোকসকলৰ মাজত এতিয়া দেখা দিছে খাদ্য সংকটৰ৷ প্ৰশাসনে যোৱা দুমাহত এই বানাক্ৰান্ত লোকৰ মাজত মাত্ৰ চাৰিবাৰ মান সাৰ্হায্য বিতৰণ কৰিয়ে দায়িত্ব সামৰিলে৷ এই বানপিড়িত লোক সকলৰ মাজত কেবাটাও দল -সংগঠনে সাৰ্হায্য বিতৰণ কৰাত কিছু সকাহ পাইছে এই লোকসকলে৷ যোবা মংগল বাৰে এই বানাক্ৰান্ত লোক সকলৰ মাজত সাৰ্হায্য প্ৰদান কৰে টেট শিক্ষক সকলে৷

সদৌ অসম টেট শিক্ষক সমিতিৰ ধেমাজি জিলা সমিতি আৰু জোনাই আঞ্চলিক সমিতিয়ে এই সাৰ্হায্য বিতাৰণৰ উদ্যোগ লয়৷ এই সাৰ্হায্য বিতৰণত উপস্থিত থাকে ধেমাজি জিলাৰ প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি হৰিপ্ৰসাদ বুঢ়াগোহাঁই, সম্পাদক প্ৰাঞ্জল প্ৰতিম চাংমাই, জোনাই আঞ্চলিক সমিতিৰ সভাপতি ভূপেন বৰুৱা, সম্পাদক লোহিত ফুকন, কোষাধক্ষ্য যোগেশ চাংমাই , মুখ্য উপদেষ্টা- ৰাজীৱ কুম্বাং, চিলাপথাৰ আঞ্চলিক সমিতিৰ সম্পাদক ৰেৱট শ‌ইকীয়া, পশ্চিম ধেমাজি আঞ্চলিকৰ প্ৰতিনিধি নকুল হাজৰিকা আৰু মূৰ্কংচেলেক শিক্ষা খণ্ডৰ BEEO প্ৰেমনাথ দলে, গাণনিক বিষয়া – দুলেশ্বৰ পেগু৷ তিনিশতাধিক বানাক্ৰান্ত ৰাইজক শিক্ষক সকলে দাইল, চাউল, আলু, বিস্কুট, চাহ, নিমখ, চাবোন আৰু মম আদি সামগ্ৰী বিতৰণ কৰে৷

You might also like