শিৱসেনাৰ ভয়তে আজমলে কংগ্রেছৰে মিত্রতা কৰিবলৈ বাধ্য
সমষ্টিয়ে সমষ্টিয়ে তিৱা পৰিষদৰ নির্বাচনী প্রচাৰ মন্ত্রী পীয়ূষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ সমাগত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ বাবে তীব্র প্রচাৰ অভিযান অব্যাহত ৰাখিছে ৰাজ্যিক স্বাস্থ্য মন্ত্রী পীয়ূষ হাজৰিকাই৷ কালি গডমাৰী আৰু ঘগুৱা সমষ্টিত বাইক ৰেলী কৰি প্রচাৰ চলাই দুখনকৈ ৰাজহুৱা সভাত অংশগ্রহণ কৰাৰ পিছত আজিও ১১ নং জোনবিল পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থী বিনীতা দৈমাৰীৰ হৈ বাইক ৰেলীত অংশগ্রহণ কৰে মন্ত্রী হাজৰিকাই৷ বিশাল বাইক ৰেলীৰে হাউলাভেটিৰ সভাস্থলীত অংশগ্রহণ কৰি হাজৰিকাই বিজেপি দলৰ প্রার্থীৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে৷ নির্বাচনীৰ প্রচাৰ চলাই মন্ত্রী পীয়ূষ হাজৰিকাই এ আই ইউ ডি এফৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমলক তীব্র সমালোচনা কৰে৷ মন্ত্রী হাজৰিকাই কয়– সাংসদ বদৰুদ্দিন আজমলে জোৰজবৰদষ্টি কংগ্রেছৰ লগত মিত্রতা কৰিবলৈ আগবাঢ়ি আহিছে৷ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে বাৰে বাৰে এআইইউডিএফৰে মিত্রতা নকৰোঁ বুলি কোৱাৰ পিছতো আজমলে মোক ল মোক ল বুলি কংগ্রেছৰে মিত্রতা কৰিবলৈ আগবাঢ়ি যায়৷ ইয়াৰ মূল কাৰণ হ’ল আজমলে আগৰৰ চোৰাং ব্যৱসায় কৰি মুম্বাইত বিক্রী কৰে৷ মহাৰাষ্ট্রত শিৱসেনাৰ চৰকাৰ৷ সেয়ে শিৱসেনাৰ ভয়ত আজমলে কংগ্রেছৰে মিত্রতা কৰিবলৈ বাধ্য হয়৷ আজমল ফাউণ্ডচেনৰ বিৰুদ্ধেও সৰৱ হৈ পৰে মন্ত্রী হাজৰিকা৷ ইয়াৰ পিছতে ১৩ নং নেলী খলা সমষ্টিৰ বিজেপি প্রার্থী জীৱন কোঁৱৰৰ হৈ মকৰীয়াত আৰু ১৫ নং বিহুবডী সমষ্টিৰ বিজেপি প্রার্থী পীতাম্বৰ বৰদলৈৰ হৈ দাপনিবৰীত দুখনকৈ সভাত অংশগ্রহণ কৰে মন্ত্রী হাজৰিকাই৷ মন্ত্রীগৰাকীৰ লগতে নির্বাচনী প্রচাৰ সভাত ডিফু লোকসভাৰ সাংসদ হৰেন সিং বে’ আৰু কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিষদৰ কার্যবাহী সদস্য ডি উফিং মাচলাই, প্রাক্তন সংসদীয় সচিব বিদ্যাসিং ইংলেং আদি উপস্থিত থাকে৷