নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনন্য অসমঃ দুষ্প্রাপ্য শিহুৰ সুৰক্ষাৰ বাবেও ৰাজপথলৈ ওলাল জনসাধাৰণ

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্রাধিকাৰীৰ কার্যালয়ৰ অন্তর্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কার্যালয়ৰ অন্তর্গত ছমৰীয়াৰ শালমাৰাৰ মৰাকলহীত আজি দুটা দুষ্প্রাপ্য শিহুৰ মৃত্যু হয়৷ বৃহস্পতিবাৰে পুৱা স্থানীয় লোকে নদীত মৃত শিহু দুটি ওপঙি থকা প্রত্যক্ষ কৰি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কার্যালয়ত খবৰ দিয়ে৷

কিন্তু নগৰবেৰা নদী সংৰক্ষিত বন বিষয়াৰ কার্যালয়ৰ বন বিষয়া–কর্মী উপস্থিত হোবাৰ বিপৰীতে বকোস্থিত শিংৰা বনাঞ্চলিকৰ দল এটা বহুত দেৰিকৈ ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ চকুত ধূলি দি মৃত শিহু দুটা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷

ইয়াৰ পিছতে এলেকাটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ উত্তেজিত লোকে ৰাজপথত ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ বন বিভাগ হায় হায়, দুষ্প্রাপ্য শিহুৰ সুৰক্ষা নিশ্চিত কৰক, অবৈধ বালি খনন বন্ধ কৰক আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে৷ নদীখনত অবৈধ বালি খননৰ ফলত শিহুৰ মৃত্যু হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷

You might also like