বন বিভাগৰ অভিযানঃ ৰংজুলিত চোৰাং শালৰ কুণ্ডাভর্তি ট্রাক জব্দ
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ গোৱালপাৰাৰ বিভিন্ন বনাঞ্চলত লকডাউনৰ মাজতে বনজ সম্পদ ধ্বংস কৰি অসাধু ব্যৱসায়ীয়ে চলাই গৈছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা৷ তাৰ মাজতে ৰংজুলিৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত বনকর্মী আৰু বিভিন্ন স্থানত ৰাইজৰ দ্বাৰা গঠিত বন সংৰক্ষণ সমিতিসমূহেও বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাই আহিছে৷ এনে চোৰাং ব্যৱসায় ৰোধৰ ক্ষেত্রত বন বিভাগক আৰক্ষীয়েও বহু সময়ত সহযোগিতা আগবঢ়াই আহিছে৷
ইতিমধ্যে বহু চোৰাং কাঠ জব্দ কৰাৰ লগতে বহু কেইখন চোৰাং কাঠ সৰবৰাহ কৰা বাহনো কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷ তৎসত্ত্বেও একাংশ চতুৰ বন মাফিয়াক নাকী লগাবলৈ সক্ষম হোৱা নাই বন বিভাগ৷ ইয়াৰ মাজতে যোৱানিশা ৰংজুলিৰ আঞ্চলিক বন বিষয়াসহ বন কর্মীৰ এটা দ’লে ৰংজুলি আৰক্ষীৰ সৈতে অভিযান চলাই গোৱালপাৰা– কামৰূপ সীমান্তৰ ধূপধৰাত খেদি খেদি জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চোৰাং শাল গছৰ কুণ্ডাসহ এ এছ–১৮–চি–০২৫৭ (এ এছ–৮–চি–০২৫৭) নম্বৰৰ এখন ড্রাক৷ জব্দকৃত ট্ৰাকসহ চোৰাং শাল গছৰ কুণ্ডা খিনি ৰংজুলি বনাঞ্চলিক কার্যালয়ত লৈ অনা হয়৷ অৱশ্য জব্দ কৰা শাল গছৰ কুণ্ডাসমূহ কামৰূপ জিলাৰ পৰা সৰবৰাহ কৰা বুলি ৰংজুলিৰ বন বিষয়াই স্পষ্ট কৰাৰ লগতে জব্দ কৰা শাল গছৰ কুণ্ডাখিনিৰ মূল্য দুই লাখতকৈ অধিক হ’ব বুলি জানিবলৈ দিয়ে৷
আনফালে একেদিনাই ৰংজুলি বনাঞ্চলৰ পূব চিতলমাৰী পাহাৰতো চোৰাং কাঠকটীয়াই কাটি থোৱা শাল গছৰ কেইবাটাও কুণ্ডা উদ্ধাৰ কৰে ৰাইজে৷ দুটা স্থানত পানীত লুকুৱাই থোৱা অৱস্থাত শালগছৰ কুণ্ডাখিনি প্রত্যেক্ষ কৰি কঠালমুৰি গাঁৱৰ ৰাইজে বন বিষয়াক খবৰ দিয়ে৷ ৰংজুলি বনাঞ্চলিক কার্যালয়ৰ পৰা বন বিষয়া, বনকর্মীৰ দল গৈ শালকাঠখিনি ৰংজুলি আঞ্চলিক বন বিষয়াৰ কার্যালয়লৈ লৈ যায়৷ বনাঞ্চল ৰক্ষণাবেক্ষণ দিয়াত কঁঠালমুৰী, পালছা গাঁৱৰ ৰাইজৰ সহযোগিতাৰ শলাগ লয় বন বিষয়াই৷