নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন কলেজৰ প্রাক্তন উপাধ্যক্ষ বিৰাজ চৌধুৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ কটন কলেজৰ প্রাক্তন উপাধ্যক্ষ তথা ভূগোল বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক বিৰাজ চৌধুৰী আৰু নাই৷ হূদৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাতে কালি নিশা তেওঁৰ দেহাৱসান ঘটে৷ প্রয়াত চৌধুৰীয়ে ১৯৬২ চনৰ পৰা ১৯৯৬ চনলৈ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ ভূগোল বিভাগৰ অধ্যাপক হিচাপে কার্যনির্বাহ কৰিছিল৷ পৰৱর্তী সময়ত কটন কলেজৰ উপাধ্যক্ষৰ দায়িত্ব পালন কৰে৷

শিক্ষকতাৰ সমান্তৰালভাৱে সাহিত্য চর্চাৰ প্রতিও তেওঁৰ আছিল বিশেষ আগ্রহ৷ জিম কৰবেটৰ ৰচনাৰাজিৰ অসমীয়া অনুবাদ প্রয়াত বিৰাজ চৌধুৰীৰ অসমীয়া সাহিত্যলৈ বিশেষ অৱদান৷ কুমায়ুনৰ মানুহ খোৱা বাঘ আৰু ৰুদ্রপ্রয়াগৰ নাহৰফুটুকী তেওঁৰ অনুবাদ কর্মৰাজিৰ উৎকৃষ্ট উদাহৰণ৷ ইয়াৰ বাহিৰেও পেট্রিক হেনলীৰ ‘টাইগাৰ ট্রায়েলছ ইন আছাম’ গ্রন্থখন ‘অসমৰ অৰণ্যত বাঘৰ খোজ’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল৷

গুৱাহাটী মহানগৰীৰ বাসিন্দা হৈও প্রকৃতি সংৰক্ষণৰ লগত ওতপ্রোতভাৱে জড়িত হৈ অহা বিৰাজ চৌধুৰীয়ে ছাত্র–ছাত্রীসকলকো সদায়ে এই দিশত সজাগ কৰি আহিছিল৷ সাৱলীল পাঠদান আৰু সবল ব্যক্তিত্বৰ বাবে ছাত্র–ছাত্রী, শিক্ষক–শিক্ষয়িত্রীৰ মাজত জনপ্রিয় হৈ পৰা অধ্যাপকগৰাকীৰ মৃত্যুত কটন মহাবিদ্যালয় পৰিয়ালে গভীৰ শোক প্রকাশ কৰিছে৷

You might also like