বিধায়ক নোমল মমিনৰ প্ৰশংসনীয় প্দক্ষেপ, কেইবাখনো নতুন আঁচনিৰ আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে বিগত চাৰিদিন ধৰি সমষ্টিত কেইবাখনো বিলাসী আঁচনিৰ আধাৰশিলা স্থাপন কৰে।বিধায়কজনে সংখ্যালঘু উন্নয়ন মন্ত্ৰালয়ৰ অধীনত প্ৰধান মন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম( PMJVK) আঁচনিৰ জড়িয়তে বোকাজন কলেজ আৰু সমষ্টিটোৰ অতি দুৰ্গম এলেকা নিলিপ পৰিষদীয় সমষ্টিৰ পানজানৰ মেৰাভেটিত এক কোটি চল্লিছ লাখ টকা(1,40,00,000) ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া দুটাকৈ common service centre ৰ আধাৰশিলা স্থাপন কৰে। বিধায়কজনে সমষ্টিৰ অন্তৰ্গত ডলামৰাত বি.আৰ টকবি আদৰ্শ গাঁওত নৱ নিৰ্মীয়মান মুকলি মঞ্চ,ফেভাৰ ব্লকৰ ৰাস্তা আদি উন্মোচন কৰে।আনহাতে বিধায়কজনে মঙ্গলবাৰে সমষ্টিৰ অন্তৰ্গত অতি দুৰ্গম এলেকা তৰাজনত এটা বিদ্যুৎ ট্ৰেন্সফাৰ্মাৰ সংযোগ উদ্বোধন কৰে।কেবা কিলোমিটাৰ খোজ কাঢ়ি আৰু এখন পাহাৰীয়া নৈ বাঁহেৰে বনোৱা নাৱেৰে পাৰ হৈ যাবলগীয়া অঞ্চলটোত স্বাধীনতাৰ ৭৩(73) বছৰৰ পাছত বিদ্যুৎৰ পোহৰ দেখি ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।বিধায়ক ডাঃ নোমল মমিনে নিজৰ চাৰেচাৰি বছৰীয়া কাৰ্য্যকালত সমষ্টিটোৰ বাট-পথ,দলং,শিক্ষা,চিকিৎসা,পৰ্