নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঢ়া-শুনাৰ মাজতো হোটেল খুলি স্বাৱলম্বিতাৰ নিদৰ্শন চাৰি বাই-ভনীৰ

কল্পজ্যোতি নাথ, ঢেকীয়াজুলি,১৪ আগষ্টঃ শ্বহীদ নগৰী ঢেকীয়াজুলিত শ্ৰমিক পৰিয়ালৰ একেখন ঘৰৰ চাৰিগৰাকী জীয়ৰীয়ে পঢ়াশুনাৰ মাজতে এখন হোটেল খুলি স্বাৱলম্বিতাৰ প্ৰোজ্বল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত পানবাৰী চাহ বাগিছা চেন্টাৰত একেটা পৰিয়ালৰ চাৰিগৰাকী বায়েক আৰু ভনীয়েক মিলি চাহ-মিঠাইৰ হোটেল ব্যৱসায় খুলি আৰ্থিকভাৱে সচ্ছল হৈ নৱপ্ৰজন্মৰ প্ৰেৰণাৰ উৎস হৈ পৰিছে। যি সময়ত অসমৰ একাংশ শিক্ষিত নিৱনুৱা যুৱক যুৱতীয়ে চৰকাৰী চাকৰি বিচাৰি হাঁহাকাৰ কৰি চাকৰি নাপাই অৱশেষত হতাশাগ্ৰস্ততাৰ এক জীৱন কটাইছে সেই সময়তে শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ পানবাৰীৰ পঞ্চমী, অম্বিকা, উষা আৰু উমেশ্বৰী নামৰ চাৰিগৰাকী অধ্যয়নৰত কন্যা সন্তানে নিজাববীয়া প্ৰচেষ্টাত চাহ-মিঠাইৰ হোটেল খুলি আৰ্থিকভাৱে স্বাৱলম্বী হৈ বিৰল দৃষ্টান্ত দাঙি ধৰিছে। চাৰিগৰাকী সুযোগ্যা কন্যা সন্তানৰ পিতৃ কৃষ্ণ চাঁচনি হ’ল পানবাৰী চাহ বাগিছাৰ স্থায়ী শ্ৰমিক আৰু মাতৃ প্ৰতিমা চাঁচনি হ’ল এগৰাকী গৃহিণী৷ সুযোগ্যা কন্যা সন্তানকেইগৰাকীৰ ডাঙৰগৰাকীৰ নাম হ’ল পঞ্চমী চাঁচনি। পঞ্চমীয়ে দেউতাকক হোটেল ব্যৱসায় কৰিম বুলি আৱদাৰ কৰাত তিনিবছৰ পূৰ্বে দেউতাকে যথেষ্ট কষ্ট কৰি হোটেলখন খুলি দিয়ে বুলি জনায় পঞ্চমীয়ে। হোটেলখন খুলি দিয়াৰ পিছৰেপৰাই চাৰিগৰাকী কন্যা সন্তানে পঢ়াশুনাৰ মাজতে হোটেলখন খুব সুন্দৰকৈ চলাই নিয়া বুলি অনুভৱ ব্যক্ত কৰে পঞ্চমীয়ে। শ্ৰমিক পৰিয়ালৰ জ্যেষ্ঠা কন্যা পঞ্চমী আৰু দুই নম্বৰ জীয়ৰী অম্বিকা বৰ্তমান ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছে। আনহাতে তৃতীয়গৰাকী কন্যা উষা চাঁচনীয়ে একেখন মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়ন কৰাৰ লগতে সৰুগৰাকী জীয়ৰী উমেশ্বৰী চাঁচনিয়ে দশম শ্ৰেণীত অধ্যয়ন কৰি আছে। পৰিয়ালটোৰ আটাইতকৈ জ্যেষ্ঠ কন্যা পঞ্চমীয়ে এই প্ৰতিবেদকক জনায় যে পিতৃক জীৱন জীৱিকাত সহায় কৰিবলৈ তিনি বছৰ পূৰ্বেই এনেদৰে হোটেল ব্যৱসায় আৰম্ভ কৰিছিল৷ বৰ্তমান চাহ, মিঠাইৰ লগতে পৰঠা, বেকাৰী বিস্কুট, বুন্দিয়া-ভূজিয়া, আলু চপ, পকৰী, ঘুগুনী ইত্যাদি সমলেৰে হোটেল ব্যৱসায়ৰ জৰিয়তে তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে বুলি জনায়। মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ সমান্তৰালভাৱে হোটেল ব্যৱসায় চলোৱাত চাৰিগৰাকী কন্যা সন্তানেই কোনো অসুবিধা বা সমস্যাৰ সন্মুখীন হোৱা নাই বুলি জনাই স্থানীয় ৰাইজৰ লগতে হোটেলখনলৈ অহা সকলো শ্ৰেণীৰ লোকেই সহায় সহযোগিতা আগবঢ়ায় বুলি অৱগত কৰে। আনহাতে দ্বিতীয়গৰাকী কন্যা সন্তান অম্বিকাই নিজা অনুভৱ প্ৰকাশ কৰি কয় যে পুৱাৰ ভাগত দশম শ্ৰেণীত অধ্যয়নৰত সৰু ভনীয়েকক বাদ দি তিনিগৰাকীয়ে আলোচনাৰ মাধ্যমেৰে হোটেলখন চলায়। পুৱাৰ ভাগত মহাবিদ্যালয়লৈ যদি এগৰাকী যায় আন এগৰাকীয়ে হোটেলখন চোৱাচিতা কৰে৷ তেনেকৈয়ে সমিলমিলেৰে হোটেল ব্যৱসায় আনন্দমনেৰে সূচাৰুৰূপে চলাই নিয়া বুলি জনায় অম্বিকাই৷ ইফালে নিশা ৮ বাজিলেই হোটেলখন বন্ধ কৰি আটাইকেইগৰাকী জীয়ৰীয়ে ঘৰলৈ আহি অলপ বিশ্ৰাম লৈ পঢ়া শুনা কামত মনোনিৱেশ কৰে বুলি সংবাদমাধ্যমত অৱগত কৰে জ্যেষ্ঠ কন্যা পঞ্চমীয়ে। ঢেকিয়াজুলিৰ পাণবাৰী চাহ বাগিছা চেন্টাৰত পঞ্চমী, অম্বিকা, উষা আৰু উমেশ্বৰী নামৰ চাৰিগৰাকী অধ্যয়নৰত ছাত্ৰীয়ে সকলো প্ৰত্যাহ্বান নেওচি শ্ৰমিক পিতৃৰ উপাৰ্জনলৈ বাট নাচাই হোটেল ব্যৱসায়ৰ জৰিয়তে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে আদৰ্শস্বৰূপ হৈ আশাৰ সঞ্চাৰ কৰিছে ৷ যিখিনি সময়ত ছাত্ৰ জীৱন কালত সকলোৱে পিতৃ মাতৃৰ উপাৰ্জনকেই মূল সম্বল হিচাপে লৈ মা দেউতাৰ ধনেৰেই ফুৰা- চকা,পিন্ধা- উৰা,খোৱা-বোৱাত সময় অপব্যয় কৰে সেইখিনি কোমল বয়সতেই শ্বহীদ নগৰী ঢেকিয়াজুলিত ব্যৱসায়ৰ দায়িত্বৰ ডাঙৰ বোজা মূৰ পাতি লৈ আৰ্থিকভাৱে টনকিয়াল হৈছে এই চাৰিগৰাকী সুযোগ্যা কন্যা সন্তান৷ কৰ্মস্পৃহা হেৰুৱাই বৰ্তমান সহজলভ্য ধনৰ আশাত সৰ্বস্বান্ত হোৱা সকলৰ বাবেও এই চাৰিগৰাকী জীয়ৰীৰ জীৱন সংগ্ৰাম এক আদৰ্শস্বৰূপ হৈ পৰিছে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like