নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিকত ৭৫% নম্বৰপ্ৰাপ্ত ছাত্রীয়েহে পাব স্কুটী

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ জুনঃ এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা সকলো ছাত্রীয়ে স্কুটী লাভ কৰিব৷ আজি দিছপুৰত আয়োজিত এক সংবাদ মেলত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূর্বতে এই বছৰ ৭৫ শতাংশ নম্বৰ পোৱা ছাত্রীকহে স্কুটী দিয়া হ’ব বুলি কোৱা হৈছিল৷ কিন্তু লোকসভা নির্বাচনৰ আচৰণবিধি বলৱৎ হৈ থকাৰ বাবে শিক্ষা বিভাগে এই সম্পর্কীয় অধিসূচনা প্রকাশ কৰিব নোৱাৰিলে৷ সেয়ে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা সকলো ছাত্রীয়ে স্কুটী লাভ কৰিব৷ এই বছৰ প্রায় ৫০ হাজাৰ ছাত্রীয়ে স্কুটী লাভ কৰিব৷ অৱশ্যে অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্রীয়েহে স্কুটী লাভ কৰিব৷ ইপিনে, আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকত চলিত শিক্ষাবর্ষৰ পৰা ৫০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা ছাত্র আৰু ছাত্রী উভয়ে আনন্দৰাম বৰুৱা আঁচনিৰ অধীনত এককালীন বিত্তীয় অনুদান হিচাবে ১০ হাজাৰ টকাকৈ লাভ কৰিব৷ পৰৱর্তী শিক্ষাবর্ষৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্র আৰু ছাত্রীক স্কুটী প্রদান কৰাৰ প্রস্তাৱত অনুমোদন জনায়৷

You might also like