ক’ভিড প্রট’কলৰ মাজেৰে আজিৰ পৰা বিল্বেশ্বৰত নৱৰাত্রি পূজা
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ নলবাৰী জিলাৰ বেলশৰৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা আৰম্ভ হ’ব দুর্গা দেৱীৰ পূজা–বন্দনা৷ আৱহমানকালৰ পৰাই ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰি আধ্যাত্মিকতাৰ পীঠস্থান বিল্বেশ্বৰ দেৱালয়ত শুক্লা প্রতিপদ তিথিৰ পৰা শুক্লা নৱমী তিথিলৈকে দেৱীৰ নৱৰাত্রি পূজা–আৰাধনা কৰি অহা হৈছে৷ এই নটা দিনত দেৱীক ন ৰূপত পূজা কৰাৰ লেখীয়াকৈ কাইলৈ প্রতিপদৰ দিনা দেৱীক শৈলপুত্রী ৰূপত পূজা কৰাৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে দেৱালয় কর্তৃপক্ষই৷ এনেদৰে প্রাচীন শৈৱ পীঠস্থান বিল্বেশ্বৰ দেৱালয়ত প্রতিপদ পূজাৰ পাছত ক্রমান্বয়েব্রহ্মচাৰি, চন্দ্রঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী, কালৰাত্রি, মহাগৌৰী আৰু সিদ্ধিৰাত্রিৰ ৰূপত নৱৰাত্রি পূজা চলিব৷ তাৰ পাছত দশমীৰ দিনা বিজয়া দশমী উৎসৱ হিচাপে উদ্যাপিত হ’ব৷ এইবাৰ শাৰদীয় দুর্গাপূজা জাকজমকতাৰে উদ্যাপন নহ’ব৷পূর্বৰ ঐতিহ্য, পৰম্পৰাৰ মাজেৰে উদ্যাপন কৰি অহা শাৰদীয় দুর্গোৎসৱত এইবেলি ভক্তপ্রাণ ৰাইজে চৰকাৰে বান্ধি দিয়া নতুন নীতি–নিয়মৰ মাজেৰে পূজা উপভোগ কৰিব লাগিব৷ এইবছৰ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা নিৰাপদে থকাৰ অর্থে পূর্বৰ নীতি–নিয়মসমূহৰ লগতে আন কিছুমান নতুন নীতি–নিয়ম দুর্গাপুজা কমিটীসমূহে মানি চলিব লাগিব বুলি নলবাৰী জিলা প্রশাসনে ইতিমধ্যে স্পষ্ট কৰি দিছে৷ আনহাতে,ক’ৰোনা মহামাৰীৰ বাবে স্বাস্থ্য বিভাগ আৰু চৰকাৰে নির্ধাৰণ কৰি দিয়া নীতি–নিয়ম মানি চলিবলৈ ৭টা নীতি–নির্দেশনাৰ এখন গোহাৰি ছপা কৰি বিতৰণ কৰিছে৷ বিল্বেশ্বৰ দেৱালয়ৰ দুর্গাপূজা পৰিচালনা সমিতিয়ে নির্ধাৰণ কৰি দিয়া ৭টা নীতি–নিয়মৰ ভিতৰত ভক্ত–দর্শনার্থীসক পূজাস্থলীত সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব, সকলোৱে ফেচ মাস্ক পৰিধান কৰি থাকিব লাগিব, চাবোনেৰে হাত–ধুই অথবা হাতত ছেনিটাইজাৰ ঘহি মন্দিৰ চৌহদত প্রৱেশ কৰিব লাগিব, মন্দিৰৰ সন্মুখভাগত (খোলাত) আৰু আশে–পাশে কোনো ধৰণৰ দোকান–পোহাৰ দিব নোৱাৰিব, সকলো সময়তে সকলো ভক্তই ভিৰৰ সৃষ্টি কৰিব নোৱাৰিব আৰু শান্তি–শৃংখলা বজাই ৰাখিব লাগিব আদি৷
ভ্রাম্যমাণ থিয়েটাৰৰ ৫৭ বছৰীয়া ইতিহাসত প্রথমবাৰলৈ থিয়েটাৰবিহীন দুর্গাপূজা
শাৰদীয় দুর্গাপূজা উপলক্ষে আমন্ত্রণ কৰি অনা ভ্রাম্যমাণ থিয়েটাৰ অবিহনে পাৰ হ’ব এইবাৰৰ দুর্গাপূজা৷ ভ্রাম্যমাণ থিয়েটাৰৰ ৫৭ বছৰীয়া নাট্য পৰিক্রমাৰ ইতিহাসত প্রথমবাৰৰ বাবে ঘটিব এনে ঘটনা৷ জিলাখনৰ বেলশৰকে ধৰি পশ্চিম নলবাৰী অঞ্চলৰ দুর্গাপূজাত ৮–১০খনকৈ ভ্রাম্যমাণ থিয়েটাৰে প্রতিবছৰে নাট প্রদর্শন কৰি আহিছে৷ বিভিন্ন সংঘ, স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান–প্রতিষ্ঠানে আমন্ত্রণ কৰি আহিছে থিয়েটাৰসমূহ৷ পিছে এইবাৰ তেনে থিয়েটাৰ আহ্বায়ক কমিটীসমূহতো নিমাওমাও পৰিৱেশ৷