নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ব্যৱসায়ীৰ বেহা নিষিদ্ধত উত্তপ্ত গাৰোপাহাৰ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত দুদিন পূর্বে দক্ষিণ–পশ্চিম গাৰোপাহাৰ জিলাৰ আমপাতিত মানকাচৰৰ পৰা যোৱা শাক–পাচলিৰ ক্ষুদ্র ব্যৱসায়ীৰ দল এটাক গাৰো ছাত্র ইউনিয়নৰ (জি এছ ইউ) সদস্যই মাৰপিট কৰি খেদি পঠিয়ায়৷ অসমৰ ব্যৱসায়ীক মেঘালয়ত ব্যৱসায় কৰিবলৈ দিয়া নহ’ব বুলি ভাবুকি দিয়ে৷ ইয়াৰ পাছতে মানকাচৰৰ পৰা ব্যৱসায়ীসকলে মেঘালয়লৈ শাক–পাচলিকে ধৰি সামগ্রী ৰপ্তানি বন্ধ কৰি দিয়াত ৰাজ্যখনৰ গাৰোপাহাৰত শাক–পাচলিৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ অঞ্চলটোৰ সর্বসাধাৰণ ৰাইজে চৰা দামত নিত্য প্রয়োজনীয় সামগ্রী, মাছ, শাক–পাচলি ক্রয় কৰিবলগীয়া হৈছে৷ ফলত দক্ষিণ–পশ্চিম গাৰোপাহাৰ জিলাৰ আমপাতিত সর্বসাধাৰণ গাৰো লোকসকল জি এছ ইউৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে৷ ইফালে, একাংশ দুর্বৃত্তই আজি পুৱাৰ ভাগত আমপাতিৰ সাপ্তাহিক বজাৰত থকা অসমৰ ক্ষুদ্র ব্যৱসায়ীসকলৰ অস্থায়ী দোকান ভাঙি লণ্ডভণ্ড কৰাৰ লগতে মেঘালয়ত অসমৰ কোনো ব্যৱসায়ীক ব্যৱসায় কৰিবলৈ দিয়া নহ’ব বুলি ভাবুকি দিয়াৰ বাতৰি চৌদিশে বিয়পি পৰে৷ ফলত আজি পুৱাৰ ভাগতো গোপনে মেঘালয়লৈ ব্যৱসায়ৰ উদ্দেশ্য প্রৱেশ কৰা ব্যৱসায়ীসকলে ভীতিগ্রস্ত হৈ আধা বাটৰ পৰা পলাই আহে৷

ইফালে, জি এছ ইউয়ে অসমৰ ব্যৱসায়ীসকলক প্রৱেশ কৰিব নিদিয়া বাবে সামগ্রীৰ দাম প্রায় দুগুণে বৃদ্ধি পোৱাৰ লগতে গাৰোপাহাৰত একাংশ তামোল বাগানত থকা তামোলৰ দাম দ্রুতগতিত কমিবলৈ ধৰিছে৷ ফলত গাৰো লোকসকল বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে৷ ইয়াকে লৈ একাংশ গাৰো লোকে উত্তেজিত হৈ জিলাখনৰ আমপাতিত থকা গাৰো ছাত্র ইউনিয়নৰ কার্যালয় ভাঙি লণ্ডভণ্ড কৰাৰ লগতে অগ্ণিসংযোগ কৰি দিয়া বুলি জানিব পৰা গৈছে৷ জিলাখনৰ সাপ্তাহিক বজাৰত পুৱাৰ পৰাই উত্তেজনাময় পৰিৱেশ সৃষ্টি হয়৷ ফলত পৰিৱেশ নিয়ন্ত্রণলৈ আনিবলৈ আৰক্ষী নিয়োজিত কৰিব লগা হয়৷ আনহাতে, সামগ্রীৰ চৰা দামৰ বাবে গ্রাহক ৰাইজে শাক–পাচলি, মাছ আদি ৰাজপথত পেলাই দি প্রতিবাদ আৰম্ভ কৰিছে৷ মন কৰিবলগীয়া যে মানকাচৰৰ কুচনীমাৰা গাঁও পঞ্চায়তৰ পৰা উৎপাদন হোৱা কেঁচা সামগ্রী অসমৰ ক্ষুদ্র ব্যৱসায়ীসকলে মেঘালয়ত বিক্রী কৰাৰ বিপৰীতে মেঘালয়ৰ পৰা কাজু, তামোল আদি ক্রয় কৰি অসমলৈ আনে৷

You might also like