নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰত বাল্য বিবাহৰ ভয়তে ডিঙি কাটি আত্মহত্যা যুৱকৰ

নিয়মীয়া বাৰ্তা,  ১৪ ফেব্ৰুৱাৰী: বাল্যবিবাহক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছত অসম আৰক্ষীয়ে এতিয়া তৎপৰ হৈ পৰিছে। বাল্যবিবাহ কৰোৱা স্বামীক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে এতিয়া বিভিন্ন প্ৰান্তত অভিযান চলাই হাজাৰ হাজাৰ স্বামীক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ ভয়ত এতিয়া অতংকিত হৈ পৰিছে সাধাৰণ ৰাইজ সকলে। আজি গৌৰীপুৰ থানাৰ অন্তৰ্গত বৰাইবাৰী বাঘমাৰা গাঁওত এজন যুৱকে আৰক্ষীৰ পৰা বাচিবলৈ বাচি ললে আত্মহত্যাৰ পথ। আত্মহত্যা কৰা যুৱক জন গৌৰীপুৰ বৰাইবাৰী বাঘমাৰা গাঁওৰ কাশেম আলী পৰামানিক  (২৮)  বুলি জানিব পৰা গৈছে আৰু তেওঁ তিনি সন্তানৰ পিতৃ  বুলি স্থানীয় সূত্ৰই সদৰী কৰিছে। উল্লেখ যোগ্য যে, ১৫ দিন পূৰ্বে কাশেম আলীৰ এটা কন্যা সন্তান জন্ম হৈছিল। কাশেম আলীৰ আত্ম হত্যাক লৈ আজি অঞ্চলটোত শোকাবহুল পৰিৱেশ বিৰাজ কৰে। আৰক্ষীৰ ভয়তে আত্মহত্যা কৰিছে বুলি একাংশ ৰাইজে অভিযোগ উত্থাপিত কৰিছে। ঘটনা স্থলীত ইতিমধ্যে আৰক্ষী উপস্থিতহৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।
You might also like