নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন অক্সিজেন লৈ নিৰ্বাচনী ৰণত গৌতম ৰয়

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ গৌতম reloaded । দীৰ্ঘদীন নিষ্ক্ৰিয় থকাৰ পিছত নতুন উদ্দম, নতুন অক্সিজেন লৈ নিৰ্বাচনী যুদ্ধত এইবাৰ অবতীর্ণ হৈছে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়। কাছাৰ জিলাৰ কাঠিগড়া বিধানসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰতীক চিহ্নত এইবাৰ নিৰ্বাচন খেলিব গৌতম ৰয় । বৰাকৰ ৰজাৰ এইবাৰ নিৰ্বাচন কেন্দ্ৰ সলনি হৈছে। কাটলিছৰাৰ সলনি কাঠিগড়াৰ পৰা প্ৰতিদ্বন্দিতা কৰিব গৌতম ৰয়ে। মহাজোঁটে এই পৰ্যন্ত এই আসনত প্ৰাৰ্থীত্ব প্ৰদান ‌কৰা‌ নাই ।

আজি টিকট লাভ কৰাৰ পিছত সিদ্ধেশ্বৰ শিৱ মন্দিৰত সেৱা জনাই প্ৰচাৰ আৰম্ভ কৰে গৌতম ৰয়ে। ইয়াৰ পিছত ১৫ কিলোমিটাৰ দীঘল বাইক ৰেলি কৰি সমষ্টিত প্ৰবেশ কৰে গৌতম ৰয়ে । সিদ্ধেশৰ শিব মন্দিৰৰ পৰা দিঘৰখাল পৰ্যন্ত চলে এই বাইক ৰেলি ।

গৌতমৰ মতে কাটিগড়া সমষ্টিত পুনৰ বিজেপিয়ে দখল কৰিব ।৮০ হেজাৰ ভোট পাই জয়লাভ কৰিব তেওঁ। খোৱা পানী , গাঁৱলীয়া বাট পথ হ’ব প্ৰধান নিৰ্বাচনী ইস্যু ।

উল্লেখ্য, কাটিগড়াৰ বৰ্তমানৰ বিধায়ক অমৰ চান্দ জৈনৰ টিকট কাটি এইবাৰ গৌতম ৰয়ক গেৰুৱা দলে টিকট প্ৰদান কৰিছে।

You might also like