গজলা সত্ৰৰ সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্তৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ধেমাজি জিলাৰ চিমেন চাপৰিৰ গজলা সত্ৰৰ সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্তৰ আজি পুৱা ৫ বজাত স্বৰ্গগামী হয়। স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ আছিল সত্ৰাধিকাৰগৰাকী।
। ১৯৩৫ চনত যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলাত জন্ম গ্ৰহণ কৰা যজ্ঞেশ্বৰ মহন্তই তিতাবৰ বৰহোলাতে প্ৰাথমিক শিক্ষা সাং কৰি ১৯৭৩ চনত অবিভক্ত লখিমপুৰ জিলাৰ চিমেন চাপৰিলৈ আহি স্থায়ীভাৱে বসবাস কৰে। তেতিয়াই চিমেন চাপৰিৰ শেনছোৱা গাঁৱত গজলা সত্ৰ প্ৰতিষ্ঠা কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে উদ্বুদ্ধ হৈ সমাজত ধৰ্ম প্ৰচাৰৰ মহান কৰ্মত আত্মনিয়োগ হৈ পৰে।একেধাৰে গায়নবায়ন, নাম প্ৰসঙ্গ, সত্ৰীয়া নৃত্যটো পাৰ্গত সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্তই চিমেন চাপৰি অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠাৰ দিশতো আগভাগ লৈছিল।
চিমেন চাপৰি যদুমনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি, চিমেন চাপৰি শঙ্কৰদেৱ শিশু নিকেতনৰ সভাপতি, চিমেন চাপৰি হাইস্কুল,চিমেন চাপৰি এম ই স্কুল, চিমেন চাপৰি বৰনামঘৰ আদি সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। সত্ৰাধিকাৰ গৰাকীৰ স্বৰ্গগামী হোৱাৰ খবৰ বিয়পি পৰাৰ লগে স্থানীয় ধৰ্মপ্ৰাণ ৰাইজৰ লগতে ধেমাজি জিলাৰ বিভিন্ন ঠাইৰ শিষ্য, বৈঞ্চৱ, ভকত আহি সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্তৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ মৃত্যুত অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ প্ৰাধানী, সম্পাদক কুসুম কুমাৰ মহন্ত, ধেমাজি জিলা সত্ৰ মহাসভাৰ সভাপতি যদুমনি গোস্বামী, সম্পাদক নয়নমণি মহন্ত, চিমেন চাপৰি বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেশ সন্দিকৈ,সম্পাদক হেমন্ত গগৈ, সহঃ সম্পাদক ৰজনী মহন্তৰ লগতে কেবাটাও ধৰ্মীয় অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।