GDCL-এ নোপোতাকৈয়ে এৰিথৈ গ’ল বৃহত পাইপৰ গাঁত: দক্ষিণ যোৰহাটত নিৰনিৰ্মল আঁচনিৰ পাইপৰ গাঁতত সোমাই দুৰ্ঘটনাগ্ৰস্ত বহু বাহন
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ যোৰহাটত জি ডি চি এল নামৰ কোম্পানীটোৰ দ্বাৰা চলাই থকা নিৰ নিৰ্মল পানী যোগান আঁচনিৰ পাইপ স্থাপন কৰা কাম ব্যাপক বিসংগতিপূৰ্ণ ভাৱে এৰিথৈ যোৱাৰ ফলত প্ৰতিদিনেই পথ দূৰ্ঘটনা সংঘটিত হৈ আহিছে। চিনামৰাত আজিও এখন গেছৰ চিলিণ্ডাৰ পৰিবাহী ট্ৰাক জি ডি চি এলৰ গাঁতত সোমাই দূৰ্ঘটনাত পতিত হয়। উল্লেখ্য যে জিলাখনত উল্লেখিত আঁচনিৰ অধীনত পানী যোগানৰ পাইপ লাইন স্থাপন কৰাৰ ঠিকা লাভ কৰা জি ডি চি এল এ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ তত্বাৱধানত কাম কৰি আছে। কেবা মাহ পূৰ্বে গড় আলিৰ কাষত দক্ষিন যোৰহাটৰ চিনামৰা পৰা কৰঙা ঢেকীয়াজুলী পৰ্যন্ত পাইপ স্থাপন কৰিছিল। কিন্তু কোম্পানীটোৱে মেচিনেৰে খান্দি বৃহত বৃহত পাইপবোৰ স্থাপন কৰে যদিও গাঁতবোৰ পোতাৰ ক্ষেত্ৰত পাল মাৰি তেনেকৈয়ে এৰি থৈ আহে। সম্প্ৰতি কেবাদিনোধৰি হৈ থকা বৰষুণৰ ফলত পথৰ কাষৰ পাইপ লাইনৰ গাঁত পানীৰে পূৰ্ণহৈ ভংকৰ ৰূপ লয়। এতিয়া সদাব্যস্ত পথটোৰে যাতায়কৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সৃষ্টি কৰিছে। পথৰ কিছু কাষলৈ গলেই গাঁতত সোমায় বাহন। ইতিমধ্যে বহুকেইখন বাহন দূৰ্ঘটনাগ্ৰস্ত হৈছে। কোম্পানীটোৰ পাল মৰা কামৰ ক্ষেত্ৰত তত্বাৱধানত থকা জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগটোও সমানেই দোষী। জানিব পৰা মতে বিভাগটোৰ ৰাজখোৱা উপাধীৰ এগৰাকী বিষয়াই এই কাম ছোৱাচিটা কৰিছিল। এই সন্দৰ্ভত আজি এচ ডি অ গৰাকীৰে যোগাযোগ কৰাত তেখেতে কামৰ গফিলতি স্বীকাৰ কৰি শীঘ্ৰেই পাইপৰ গাঁতবোৰ পোতাৰ ব্যৱস্থা কৰা হব বুলি জানিবলৈ দিছে। কোনো ডাঙৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ আগেয়ে গাঁতবোৰ পোতাৰ ব্যৱস্থা কৰিবলৈ জনসাধাৰণে জিলা প্ৰশাসনক দাবী জনাইছে।
নবজ্যোতি তামুলী,চিনামৰা