মাৰ্ঘেৰিটা নগৰৰ আৱাসিক অঞ্চলত জিঅ’ বুষ্টাৰ টাৱাৰ স্থাপন কৰিবলৈ লোৱাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ ঘন জনবসতিপূৰ্ণ অঞ্চলত মোবাইল টাৱাৰ স্থাপনেৰে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনে ভাবুকি। কিন্তু ইয়াৰ পাছতো স্থাপন হৈ আহিছে জনবসতিপূৰ্ণ অঞ্চলত মোবাইল টাৱাৰ। জনস্বাস্থ্যৰ ক্ষেত্ৰত এই মোবাইল টাৱাৰ যথেষ্ট ক্ষতিকাৰক বুলি জানিও কেনেকৈ অনুমতি লাভ কৰে সেয়াহে চিন্তনীয়।
আজি মাৰ্ঘেৰিটাৰ বালুখাদত এটি মোবাইল টাৱাৰ স্থাপনক লৈ উত্তপ্ত পৰিস্থিতি-পৰিৱেশৰ সৃষ্টি হয়। মাৰ্ঘেৰিটা বালুখাদ অঞ্চলৰ ব্যৱসায়ী প্ৰমোদ কুমাৰ শ্বাহ নামৰ ব্যক্তিজনে নিজ গৃহৰ ওপৰত জিঅ’ বুষ্টাৰ টাৱাৰ স্থাপন কৰাত অঞ্চলটোৰ পুৰুষ মহিলাসকল ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হয়।
ৰাইজৰ অভিযোগ যে আৱাসিক তথা ৩খনকৈ বিদ্যালয় থকা এলেকাত মাৰ্ঘেৰিটা নগৰ সমিতিয়ে কিদৰে ৰাইজৰ পৰা আপত্তিবিহীন স্বাক্ষৰ নোলোৱাকৈ কিদৰে টাৱাৰ বহাবলৈ অনুমতি দিলে। স্থানীয় ৰাইজে মাৰ্ঘেৰিটা মহকুমাধিপতিক ফোনযোগে অভিযোগ দিয়ে। এইক্ষেত্ৰত প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।