নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৭ বৰ্ষৰ  প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৭৭ বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ এখন সমাৰোহ ঘাহী ৰঙাচিলা পথাৰৰ বি , লিফ নাৰ্চাৰীত আজি অনুষ্ঠিত হয় । এই অনুষ্ঠানতে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বৃন্দাবন বৰা , প্ৰাক্তন শিক্ষক ক্ৰমে প্ৰেমেশ্বৰ দাস , টংকেশ্বৰ দাস আৰু চন্দ্ৰ সেনাপতিক প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে সম্বৰ্ধনা জনায় । সম্বৰ্ধনা গ্ৰহন কৰি প্ৰাক্তন অধ্যক্ষ আৰু শিক্ষক সকলে শিক্ষকতা জীৱনৰ কথা উল্লেখ কৰি প্ৰাক্তন ছাত্র ছাত্ৰী সকলক দায়বদ্ধতাৰে সমাজৰ হকে কাম কৰিবলৈ আহবান জনায় । প্ৰাক্তন ছাত্ৰ তথা নগাঁও জিলা কৃষি বিভাগৰ অৱসৰ প্ৰাপ্ত কৃষি বিষয়া অশোক বৰঠাকুৰে বিদ্যালয়খনৰ ” ৭৭ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক সমাজৰ বাবে কাম কৰি যাবলৈ এই সমাৰোহে প্ৰেৰনা যোগাব বুলি মন্তব্য কৰে । সমাৰোহত নৱ প্ৰজন্মক কৃষি কাৰ্যৰ লগত জৰিত কৰিবলৈ অনুপ্ৰাণিত কৰা , ভিতৰৱা অঞ্চলত শিক্ষাৰ প্ৰসাৰকে ধৰি কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত নগাঁও জিলা কৃষি বিষয়া তৰুণ হাজৰিকা , সাংবাদিক কনক হাজৰিকা আদিয়ে অংশ গ্ৰহণ কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like