নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসকৰ কর্মবিৰতিত অচল ৰাজ্যৰ স্বাস্থ্য সেৱা

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ  আয়ুর্বেদিক চিকিৎসকক অস্ত্রোপচাৰৰ বাবে অনুমতি প্রদান কৰি কেন্দ্রীয় চৰকাৰে জাৰি কৰা অধিসূচনা বাতিলৰ দাবীৰে সমগ্র দেশৰ লগতে ৰাজ্যৰ এল’পেথিক চিকিৎসকসকলে প্রতিবাদ সাব্যস্ত কৰে৷ ভাৰতীয় চিকিৎসা সংস্থা (আই এম এ)ৰ আহ্বানত ৰাজ্যৰ এল’পেথিক চিকিৎসকসকলে কর্মবিৰতি পালন কৰি চৰকাৰৰ অধিসূচনাৰ বিৰোধিতা কৰে৷ আই এম এৰ এই কার্যসূচীলৈ সদৌ অসম চিকিৎসক সন্থাই সমর্থন আগবঢ়োৱাত ৰাজ্যত চিকিৎসা সেৱা স্তব্ধ হৈ পৰে৷ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ জৰুৰীকালীন আৰু ক’ভিড চিকিৎসাৰ বাহিৰে আন চিকিৎসা সেৱা বন্ধ হৈ পৰে৷ চিকিৎসকসকলে অ’পিডি বন্ধ ৰাখি প্রতিবাদ সাব্যস্ত কৰাৰ ফলত বহু ৰোগীয়ে চিকিৎসালয়ৰ পৰা উভতি যাবলগীয়া হয়৷

আনহাতে ভাৰতীয় চিকিৎসা সংস্থাৰ অসম ৰাজ্যিক শাখাৰ আহ্বানত জি এম চি এইচৰ চিকিৎসকসকলে ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন প্রান্ততো চিকিৎসকসকলে প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে আয়ুর্বেদিক চিকিৎসা শিক্ষাৰ স্নাতকোত্তৰ শাখাত শল্যতন্ত্র বিষয় অন্তর্ভুক্ত কৰা হৈছে৷ যাৰ জৰিয়তে দুবছৰ অধ্যয়ন কৰিয়েই আয়ুর্বেদিক চিকিৎসকসকলে অস্ত্রোপচাৰ কৰিবলৈ অনুমতি লাভ কৰিব৷ কেন্দ্রীয় চৰকাৰে আয়ুর্বেদিক চিকিৎসকসকলক অস্ত্রোপচাৰৰ অনুমতি প্রদান কৰি অধিসূচনা জাৰি কথাত খর্গহস্ত হৈ পৰিছে ভাৰতীয় চিকিৎসা সংস্থা৷ ইয়াৰ জৰিয়তে আধুনিক চিকিৎসা ব্যৱস্থাত বিৰূপ প্রভাৱ পেলাব বুলিও তেওঁলোকে আশংকা কৰিছে৷ ইতিমধ্যে ৮ ডিচেম্বৰত এল’পেথিক চিকিৎসকসকলে ৰাষ্ট্রজোৰা বিক্ষোভ প্রদর্শন কৰিছিল৷

You might also like