নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত অৰুণাচলত কাম কৰা শ শ শ্রমিক

নিয়মীয়া বাৰ্তা, ৫ মেঃ সোমবাৰে পুৱাৰ পৰা গহপুৰত প্রৱেশ কৰিছে অৰুণাচল প্রদেশৰ বিভিন্ন প্রান্তত কাম কৰা শ শ শ্রমিক৷ অৰুণাচল প্রদেশৰ পৰা সীমান্তৱর্তী হোলেংগী–গহপুৰ প্রৱেশ পথত এনেদৰে এৰি থৈ গৈছে শ শ শ্রমিকক৷

হাতত ছাব মাৰি পঠিয়াই দিয়া এইসকল শ্রমিকে পিছত ১০/১২ কিলোমিটাৰ খোজকাঢ়ি আৰু দুই–এজনে টেম্প’ ভাৰা কৰি আহি গহপুৰ নগৰত উপস্থিত হৈছেহি৷ দিনৰ দিনটো ভোকে–পিয়াহে আহি গহপুৰ নগৰত উপস্থিত হোৱা এইসকল শ্রমিক অৰুণাচল প্রদেশৰ ইটানগৰ, নাহৰলগুন, হাপা আকাশীগংগা এলেকা আদিত বিভিন্ন নির্মাণকার্যত জডিত আছিল৷

ধুবুৰী,বৰপেটা, ঢ়েকীয়াজুলি আদি ঠাইৰ এইসকল শ্রমিকৰ লগত একাধিক মহিলাৰ লগতে কেইবাটি শিশুও আছে৷ উল্লেখ্য যে একাংশ শ্রমিকক আজি দিনৰ ভাগত গহপুৰৰ আৰক্ষী প্রশাসনে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছযোগে বিশ্বনাথ চাৰিআলিলৈ প্রেৰণ কৰে যদিও বিয়লি ৪ মান বজাত অহা শতাধিক শ্রমিকক কিদৰে পঠিয়াব এই লৈ চিন্তিত হৈ পৰিছে গহপুৰৰ প্রশাসন৷ বাতৰি লিখা সময়লৈকে গহপুৰ নগৰৰ মাজমজিয়াৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত অৱস্থান কৰি আছে অৰুণাচলৰ পৰা অহা শ্রমিকসকলে৷

You might also like