জোনাইত কাইলৈৰ পৰা টাকাম মিচিং পৰিণ কৗবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ সদৌ মিচিং ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী বৰ্ষ কাইলৈৰ পৰা অনুষ্ঠিত হব জোনাইত। ইতিমধ্যে শুভাৰম্ভণি কার্যসূচী উপলক্ষে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মূল মঞ্চৰ লগতে ব্যতিক্রমী মণ্ডপ আৰু তােৰণ আদি নির্মাণ কৰা হৈছে। মূল মঞ্চৰ দুয়ােকাষে দুটা অতিথিগৃহৰ লগতে এটা মূৰংঘৰাে নির্মাণ কৰিছে।
সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানৰ দুদিনীয়া কাৰ্যসূচী প্ৰথম দিনা পুৱা ৭:৩০ বজাত আৰম্ভ হব। পুৱা ৯:০০ বজাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপ-সভাপতি যজ্ঞেশ্বৰ কুটুমৰ পতাকা প্ৰদৰ্শনেৰে বগীবিলৰ পৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰলৈ চাইকেল ৰেলী ৷ পুৱা ৯:৩০ বজাত গ্ৰন্থমেলা উদ্বোধন কৰিব ধেমাজি উপায়ুক্ত নাৰ্ছিং পাৱাৰে।
এইদৰে বহু কাৰ্যসূচীৰে পালন কৰা হ’ব সোণালী জয়ন্তী বৰ্ষৰ দুদিনীয়া কাৰ্যসূচী। শেষৰ দিনাৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, বিধায়ক ডাঃ ৰণোজ পেগু, বিধায়ক ভুৱন পেগু, আদিত্য খাকলাৰী। আনহাতে মুখ্য অতিথি ৰূপে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে অসম-অৰুণাচলৰ বহু বিশিষ্ট অতিথিয়ে অংশগ্রহণ কৰিব। তদুপৰি টাকাম মিচিং পৰিণ কেবাঙৰ প্রাক্তন নেতৃবৃন্দ আৰু বিভিন্ন জনগােষ্ঠীয় সংগঠনৰ নেতা উপস্থিত থাকিব।