নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰৰ শুৱাগপুৰত পিষ্টলসহ আটক চাৰি ডকাইত

নিয়মীয়া বাৰ্তা ২১মেঃ বাগসা জিলাৰ গোৰেশ্বৰ থানা এলেকাধীন শুৱাগপুৰ আৰক্ষী চকী অন্তৰ্গত ঔবাৰী গাওঁৰ পৰা আৰক্ষী এক অভিযান চলাই ডকাইতৰ দল এটা কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে যোৱা ১৫ মে’ ত বাঙালীপাৰাৰ অনিল চাৰচিন আৰু তেওঁৰ পেহীয়েক অণুবালা চাৰচিনৰ ঘৰত নিশা ডকাইতি কাণ্ড সংঘটিত হৈছিল।

ইয়াৰ পিছত ১৬ মে’ ত অনিল চাৰচিনে শুৱাগপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত শুৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল চেট্ৰীৰ নেতৃত্বত লগতে গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱা আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া-অসীমা কলিতাৰ সহযোগত অভিযান চলাই ১৭ মে’ৰ ডকাইতি কাণ্ডৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক আটক কৰে।

আটকাধীন কেইজন ক্ৰমে- ছফেদ আলী (২৭),সঞ্জয় ডেকা(২৯),হেমেন নাথ- (২৮) আৰু ইমাৰাণ হুছেইন (৩৫)। উল্লেখ্য যে আটাইকেইজনৰ ঘৰ ঔবাৰী গাওঁত। ইয়াৰে তিনি জনক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে যদিও ছফেদ আলী আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছত আজি আদালতত হাজিৰ কৰোৱা হয়। ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে এটা লাইটাৰ পিষ্টল, এটা মোবাইল আৰু পাঁচহাজাৰ দুশ টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে সোধাপোচাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

You might also like