গোসাঁইগাঁৱত ১২টা চোৰাং ম’হ জব্দ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তর্গত গ্রাহামপুৰ আৰক্ষীয়ে গোপন সূত্রৰ ভিত্তিত অভিযান চলাই ২০ অবৈধ ম’হ জব্দ কৰে৷ গ্রাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া চন্দ্রধৰ উজীৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি পুৱতিনিশা টহল দি থাকোঁতে পশ্চিমবংগ সীমান্তৱর্তী ২নং ফাইলাগুৰি গাঁৱৰ ভিতৰুৱা ৰাস্তাৰে সৰবৰাহ কৰা অৱস্থাত ম’হকেইটা আটক কৰিবলৈ সক্ষম হয়৷ দীর্ঘদিন ধৰি গো–মাফিয়া চক্রই আৰক্ষীৰ চকুত ধূলি দি বিহাৰ, পশ্চিমবংগ আদি ঠাইৰ পৰা গৰু, ম’হ লৈ আনি অসম–বংগ সীমান্তত গোপন স্থানত গাডীৰ পৰা নমাই বিভিন্ন পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে৷ এনে সময়তে আৰক্ষীয়ে অভিযান চলাই ১২টা চোৰাং ম’হ জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জব্দ কৰা ম’হকেইটাৰ মূল্য বাৰ লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে৷ আনহাতে গোসাঁইগাঁও মহকুমা পশুপালন বিভাগৰ ভাৰপ্রাপ্ত বিষয়া তাৰিণীকান্ত কলিতাই ম’হকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰি কয় যে ম’হকেইটা অসমৰ নহয়৷ এইবোৰ ম’হ বহিঃৰাজ্যৰ৷ ম’হবোৰ বিহাৰৰ সোণপুৰৰ পৰা অনা হৈছে৷ ম’হকেইটা ৱাটাৰ বাফেলো আৰু মূৰাজাতৰ ম’হ৷ বর্তমানে ম’হকেইটা খোৱাৰত দিয়া হৈছে৷