গোসাঁইগাঁৱত অত্যাধুনিক অস্ত্রভাণ্ডাৰ জব্দ
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বি টি আৰৰ সদৰ কোকৰাঝাৰত অব্যাহত আছে আৰক্ষীৰ অবৈধ অস্ত্রভাণ্ডাৰ জব্দ অভিযান৷ কালি নিশাও আৰক্ষীয়ে অভিযান চলাই পুনৰ বৃহৎ পৰিমাণৰ অবৈধ অস্ত্রভাণ্ডাৰ জব্দ কৰে৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ চৰাইবিল অঞ্চলৰ নাশ্রাইবিলত আৰক্ষীয়ে অভিযান চলাই এখন স্ক’ৰপি’ গাডীৰ পৰা বহুসংখ্যক অত্যাধুনিক মাৰণাস্ত্রসহ এই বৃহৎ পৰিমাণৰ অস্ত্রভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ বৃহৎ অবৈধ অস্ত্রভাণ্ডাৰৰ লগতে আৰক্ষীয়ে ইয়াৰ সৈতে জডিত ছয়জন লোককো আটক কৰিবলৈ সক্ষম হৈছে৷ চৰাইবিল আৰক্ষীৰ দলে জব্দ কৰা বৃহৎ অস্ত্রভাণ্ডাৰৰ ভিতৰত আছে এ কে–৫৬ ৰাইফল ৫টা, এইচ কে–৩৩ ই ৰাইফল এটা, চাইনিজ হেণ্ড গ্রেনেড ৮টা, ইউ বি জি এল (গ্রেনেড লঞ্চাৰ) এটা, এ কে–৫৬ ৰাইফলৰ মেগজিন ৮টা, এইচ কে–৩৩ ই মেগজিন এটা, ইউ বি জি এলৰ চেল ১১টা, এ কে–৫৬ ৰাইফলৰ তিনিশ জজাই সক্রিয় গুলী, বি পি পাউচ, ম’বাইল হেণ্ডছেট ৫টা, কম্বল, প্লাষ্টিক, বেগ, মেডিচিন ইত্যাদি৷ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে আজি বিয়লি এখন সংবাদ মেলত জনোৱা মতে কালি নিশা ৭.৩০মান বজাত বিশাল অস্ত্র–শস্ত্রসহ দুষৃকতিকাৰীৰ দল এটাই জিলাখনৰ গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তর্গত চৰাইবিল এলেকাৰ নাশ্রাইবিলত ঘূৰি ফুৰাৰ তথ্য লাভ কৰে৷ গোপন সূত্রে উক্ত তথ্য লাভ কৰাৰ পাছতেই চৰাইবিল আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া মিথুন টায়েৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে তালাচী অভিযান আৰম্ভ কৰে৷ আৰক্ষীৰ তালাচীত এ এছ–১৬ এ–৪১৬৫ নম্বৰৰ স্ক’ৰপি’ গাডীৰ পৰা উল্লিখিত বৃহৎ অস্ত্রভাণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ তদুপৰি বিশাল অস্ত্রভাণ্ডাৰৰ সৈতে জডিত ছজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷ ধৃত অস্ত্র সৰবৰাহকাৰীকেইজন্ হ’ল– কোকৰাঝাৰৰ সন্মঞ্জয় বসুমতাৰী ওৰফে বগলা (৩৫), ৰবিনাথ নার্জাৰী ওৰফে গেন্দা (২৫), ফুংখা বসুমতাৰী ওৰফে লাংখু, মুকথাং বসুমতাৰী ওৰফে মামো, মণিপাল মুছাহাৰী (৩৪), শোণিতপুৰৰ ঢ়েকীয়াজুলিৰ সৌমখৌৰ বসুমতাৰী (২৬)৷
মেঘালয়ৰ পৰা বিস্ফোৰক সামগ্রী লৈ কাছাৰত প্রৱেশৰ মুহূর্তত আটক ২ যুৱক
মেঘালয়ৰ পৰা বিস্ফোৰক সামগ্রী লৈ কাছাৰত প্রৱেশৰ মুহূর্তত বিস্ফোৰক সামগ্রীসহ ২ যুৱকক আটক কৰিছে কাছাৰ আৰক্ষীয়ে৷ আজি পুৱা ৯ বজাত কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ অসম–মেঘালয় সীমান্ত এলেকা মালিডহৰত যান–বাহন তালাচীৰ সময়ত দুই যুৱকৰ পৰা ৫৪২টা জিলেটিন ষ্টিকছ আৰু ৬০০টা ডিট’নেটৰ উদ্ধাৰ কৰে কাছাৰ আৰক্ষীয়ে৷ আৰক্ষী আৰু ৩৭নং অসম ৰাইফলছৰ জোৱানে দুই যুৱকক আটক কৰাৰ লগতে বিশাল পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰে৷ ধৃত দুই যুৱকে মেঘালয়ৰ পৰা অসম সীমান্তৰ গুমৰা আৰক্ষী চকীৰ অন্তর্গত মালিডহৰ হৈ অসমত প্রৱেশ কৰিছিল৷