তিতাবৰলৈ গৌৰৱ কঢ়িয়ালে প্লাৱন কুৰ্মীয়ে, টাইকোৱান-ডোত সোণৰ পদক লাভ
নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ বৰপেটাত অলপতে অনুষ্ঠিত চতুৰ্থ সংখ্যক আন্তঃজিলা টাইকোৱান-ডো প্ৰতিযোগিতাত সোণৰ পদক লাভ সমগ্ৰ তিতাবৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে প্লাৱন কুৰ্মীয়ে।
বাগৰদিয়াৰ সমাজকৰ্মী প্ৰবীণ কুৰ্মী আৰু শিক্ষয়িত্ৰী পাপৰি কুৰ্মীৰ পুত্ৰ প্লাৱনে ২১ কেজি শাখাৰ ফাইনেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ এগৰাকী খেলুৱৈক পৰাজিত কৰিবলৈ সক্ষম হয়।
তিতাবৰৰ উইচডম ইংলিছ স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ প্লাৱন কুৰ্মীৰ এনে পাৰদৰ্শিতাৰ উত্তৰোত্তৰ কামনাৰে অঞ্চলটোৰ বহুজনে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।