৩১ মাৰ্চ ২০২২ৰ ভিতৰত ১ লাখ নিবনুৱাক চৰকাৰী চাকৰিঃমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ শনিবাৰে বিহপুৰীয়াত বিজেপিৰ প্ৰাৰ্থী ড০ অমিয় ভূঞাৰ হৈ এখন নিৰ্বাচনী সভাত ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমে মাদ্ৰাচা নিবিচাৰে, বিচাৰে মেডিকেল আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়।
লগতে ইডিএফ আৰু কংগ্ৰেছক আক্ৰমণ কৰি কয় যে বদৰুদ্দিনে প্ৰথম কেবিনেটত মাদ্ৰাচা খুলিব বুলি কয় কিন্তু অসমৰ মানুহে মাদ্ৰাচা নহয় মেডিকেল আৰু অভিযান্ত্ৰিক কলেজেহে বিচাৰে। লগতে মহাজোঁটে অসমৰ সভ্যতা আৰু সংস্কৃতি বিনষ্ট কৰিব বুলিও উল্লেখ কৰে। এইবাৰৰ যুঁজ সভ্যতা আৰু সংস্কৃতি ৰক্ষা কৰাৰ যুঁজ বুলিও অভিহিত কৰে মন্ত্ৰী গৰাকীয়ে।
আনহাতে মন্ত্ৰী গৰাকীয়ে লগতে নিবনুৱা সকলক প্ৰতিশ্ৰুতি দিয়ে যে মই দায়িত্ব লৈছো চৰকাৰে ১ লাখ নিবনুৱাক ৩১ মাৰ্চ ২০২২ৰ ভিতৰত চৰকাৰী চাকৰি দিব। তাৰ বাবে কাকো এটকাও দিব নালাগে। লগতে নিযুক্তিৰ ক্ষেত্ৰত কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ দিনত ১ কোটি ঘোচ দিও এপিএচচি চাকৰি পোৱা নাছিল, কিন্তু আমাৰ দিনত ৰিক্সাৱালা পুতেকও এচিএচ বিষয়া হয়।
ইয়াৰ আগতে বিশাল জনসভা সম্বোধন কৰাৰ আগতে মন্ত্ৰী গৰাকীয়ে এক বিশাল ৰেলী কৰে য’ত হাজাৰ হাজাৰ বিজেপি সমৰ্থকে অংশগ্ৰহণ কৰে।