নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলীত পৰিবেশ প্ৰদুষণ ৰক্ষা কৰাৰ আহ্বান সচেতন মঞ্চ মাজুলীৰ

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ মাজুলী জিলাত নৱগঠিত ‘সচেতন মঞ্চ মাজুলী’ নামৰ সামাজিক সংগঠনটোৱে দীপাৱলীত আতজবাজী ফুটাই যাতে পৰিবেশ বিনষ্ট নকৰে তাৰ প্ৰতি জনসাৰণলৈ আহ্বান জনাইছে । উচ্চ প্ৰাবল্যৰ ফটকাৰ, ব’ম আদিৰ শব্দই শব্দ প্ৰদুষণ সৃষ্টি কৰাৰ লগতে বহু সময়ত অন্যান্য ঘটনাও সংঘটিত কৰি আহিছে সেয়েহে পৰিবেশ বিনষ্ট কৰা যি কোনো কাৰ্য বৰ্জন কৰাৰ বাবে সংগঠটোৱে আহ্বান জনায় ।

তাৰোপৰি থলুৱা ভাবে নিৰ্মীত মাটিৰ চাকি ব্যৱহাৰ কৰা, অনাহকত কলগছ ধ্বংস নকৰা বিষয় সমূহৰ ক্ষেত্ৰটো জনসাধাৰণক সজাগ হবৰ বাবে আহ্বান জনাইছে । উল্লেখ্য যে মাজুলীৰ প্ৰাকৃতিক পৰিবেশ সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে গঠন হোৱা ‘সচেতন মঞ্চ মাজুলী’য়ে মাজুলীৰ ঐতিহাসিক স্হান সমূহৰ পৰিবেশ অক্ষুন্ন ৰখা, বেদখলৰ কবলত পৰা অসমৰ প্ৰথম খন পক্ষী উদ্যান চৰাইচোং বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনোৱাৰ লগতে ঐতিহাসিক স্হান সমূহ পৰ্যটকৰ আৰ্কষণ কৈ সজাই তোলাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব বুলি সচেতন মঞ্চ মাজুলীৰ তৰফৰ পৰা জানিবলৈ দিছে ।

input: ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like