গোৰেশ্বৰত চাইকেলৰে বানাক্ৰান্তৰ কাষত মন্ত্ৰী ভৱেশ কলিতা; ল’লে ক্ষয়ক্ষতিৰ বুজ
নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ বান কমিলেও বানৰ বিভিষিকা আতৰ হোৱা নাই বাগসাৰ গোৰেশ্বৰৰ বানাক্ৰান্তৰ।
উল্লেখ্য যে ৰাজ্যৰ দ্বিতীয়তো বানত ৰখিয়া বিধান সভা সমষ্টিৰ বাগডোবা নাৰামাৰী, সোনমহৰি, হাড়িযোৰা আৰু বগৰিবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ছিগি বিস্তিৰ্ণ কৃষিভূমি আৰু কেবাখনো গাঁৱৰ কেবা শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ জলমগ্ন হৈ পানীৰে উপচি পৰিছিল।অৱশ্য বান কমিলেও বানৰ বিভিষিকা আতৰ হোৱা নাই অঞ্চলবাসীৰ।
সেয়েহে বান ক্ষতিগ্ৰস্থৰ বুজ লবলৈ বানাক্ৰান্তৰ কাষত উপস্থিত হৈছে স্থানীয় জনপ্ৰতিনিধি তথা ৰাজ্য চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই। বানে বিধ্বস্ত কৰা জৰাজীৰ্ণ তথা বোকাময় গ্ৰাম্য পথেৰে চাইকেল চলাই গৈ মন্ত্ৰী গৰাকীয়ে বানাক্ৰান্তৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সাহাৰ্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।