নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত আয়োজিত ৫৭৪ সংখ্যক গুৰুজয়ন্তীৰ সামৰণি

নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী অনুষ্ঠানৰ আজি অন্তিম দিনা পুৱা প্ৰাতঃ প্ৰসংগৰে দিনযোৰা কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় ৷ আজি পুৱা ৬ বজাত পৰিবেশ নিকাকৰণৰ পাছতে সংঘৰ পতাকা উত্তোলন কৰা হয় ৷ সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞাই পতাকা উত্তোলন কৰি দিয়া ভাষণত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এখন আদৰ্শ সমাজ গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাই ৷ পুৱা ৯ বজাত নগাঁও চহৰত ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ এই ভাগৱত শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে শৰণ সদস্য উমাকান্ত হাজৰিকাই ৷ গায়ন-বায়ন,সুত্ৰধাৰ নৃত্য, দিহানাম,কৃষ্ণ নৃত্য,ঝমুৰা নৃত্য আদিৰে সমৃদ্ধ শোভাযাত্ৰাই সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ খোল-তাল,দবাৰ শব্দই ৰজনজনাই উঠে নগাঁও চহৰ ৷ দিনৰ ১১ বজাৰ পৰা সংঘৰ জিলা শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মালোচনী সভা উদ্বোধন কৰে জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰাই ৷ সভাতেই খগেশ্বৰ বৰুৱাৰ দ্বাৰা সম্পাদিত জিলা শাখাৰ বাৰ্ষিক আলোচনী “শতকোটি বাৰেক কৰোহোঁ প্ৰণাম” উন্মোচন কৰে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ দিলীপ বৰাই ৷

ধৰ্মালোচনী সভাত নিদিষ্ট বক্তা হিছাপে অংশগ্ৰহণ কৰি শৰণ সদস্য তৰুণ বৰাই কয় যে- অসমীয়া জাতিৰ নতুন যুগস্ৰষ্টা সৰ্ব্বকালৰ সৰ্ব্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বহুমুখী প্ৰতিভাৰ দ্বাৰা নিগৰিত মহান অৱদান সমূহে অসমীয়াৰ জাতিৰ আত্মপৰিচয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে ৷ অসমীয়া জাতিৰ আলোকস্তম্ভ আছিল মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ আছিল বিশ্বজনীন সত্ত্বা ৷ বিয়লি বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ সংঘৰ জিলা শাখাই প্ৰদান কৰি অহা পুৰ্ণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ আতা বঁটা মৰনোত্তৰ ভাৱে মিহিৰাম আতাক আৰু লোকসেৱক হলধৰ ভূঞা বঁটা মৰনোত্তৰ ভাৱে শৰৎ শইকীয়াক প্ৰদান কৰা হয় ৷ সভাতেই তৰু বৰাৰ ৰচিত “বিশ্ব বৰেণ্য মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ আৰু অন্যান্য” নামৰ গ্ৰন্থ খনি উন্মোচন কৰা হয় ৷ এই অনুষ্ঠানত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা,মূলৰ সদস্য নলিনী বৰা,হৰিদাস ৰাজকুমাৰ,অজিত কুমাৰ বৰুৱা,শণিৰাম দাস,চেনাৰাম ডেকা আৰু জিলা শাখাৰ উপসভাপতি ৰাণাপ্ৰকাশ বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ সন্ধিয়া বন্তি প্ৰজ্বলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি অতুল বৰাই ৷ বন্তি প্ৰজ্বলনৰ পাছতে গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনা ৰাম বিজয় আৰু কালিয়দমন প্ৰদৰ্শন কৰা হয় ৷ ইয়াৰ লগে লগে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱৰ সফল সামৰণি পৰে ৷

You might also like