নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ গণ সংক্রমণৰ আশংকা; গুৱাহাটীৰ বাহকে ৰাজ্যত বিয়পাইছে আতংক

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ আশংকা কৰাৰ দৰেই ভয়ংকৰ পৰিস্থিতিৰ দিশে গতি কৰিছে অসম৷ সমগ্র বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ত আক্রান্ত লোকৰ সংখ্যা অসমতো দিনক দিনে দ্রুতগতিত বৃদ্ধি হ’ব ধৰিছে৷ কোনোধৰণৰ ট্রেভেল হিষ্ট্রী বা ভ্রমণ বৃত্তান্ত নথকা সত্ত্বেও ৰাজ্যত ইজনৰ পাছত সিজন লোকৰ শৰীৰত ধৰা পৰিছে মহামাৰীৰ বীজাণু৷ আটাইতকৈ উদ্বেগজনক কথাটো হ’ল ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰ সম্প্রতি ক’ভিড–১৯ৰ হটবেডলৈ পর্যবসিত হৈছে৷

   গুৱাহাটীত ক’ৰোনা ভাইৰাছ সংক্রমণৰ মূল যোগসূত্র ৰূপে চিহ্ণিত হৈছে ফাঁচীবজাৰ৷ ভ্রমণ বৃত্তান্ত নাথাকিলেও গুৱাহাটীত সংক্রমিতসকলৰ অধিকাংশৰ ক্ষেত্রত ফাঁচীবজাৰৰ সৈতে যোগসূত্র থকাটো ইতিমধ্যে নিশ্চিত হৈছে৷ খোদ ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই আজি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে যে গুৱাহাটীত পৰিলক্ষিত হৈছে ক’ৰোনাৰ গণ সংক্রমণৰ প্রথম পর্যায়৷ ইয়াৰ মাজতে আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– গুৱাহাটীৰ পৰা যোৱা বাহকে সম্প্রতি ৰাজ্যৰ প্রান্তে প্রান্তে ভয়াৱহ ৰূপত বিয়পাই দিছে ক’ৰোনা আতংক৷ ইয়াৰ লগে লগে অসমতো ক’ভিড–১৯ৰ গণ সংক্রমণৰ আশংকা দুগুণে বৃদ্ধি পাইছে৷ ছোৱাব সংগ্রহৰ পাছত হোম কোৱাৰেণ্টাইনত থাকিবলৈ স্বাস্থ্য বিভাগে দিয়া নির্দেশ এজন লোকে নমনাৰ বাবেই নলবাৰী জিলাৰ বৰক্ষেত্রী তথা মুকালমুৱা অঞ্চলক সম্প্রতি গ্রাস কৰি ৰাখিছে ক’ৰোনা আতংকই৷ পুৰাণ আখিয়া গাঁৱৰ মণ্টু মেধি নামৰ লোকজন গুৱাহাটী লাখটকীয়াৰ এখন ইলেক্ট্রিকেল দোকানত কর্মৰত আছিল৷ ক’ৰোনা আক্রান্তৰ সংস্পর্শলৈ অহা মণ্টু মেধিৰ যোৱা ১৭ জুনত গুৱাহাটীত ছোৱাব সংগ্রহ কৰি ফলাফল নোলোৱা পর্যন্ত তেওঁক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা হোম কোৱাৰেণ্টাইনত থাকিবলৈ কোৱা হৈছিল৷ কিন্তু লোকজনে সেই নির্দেশ নামানি সেইদিনাই পুৰাণ আখিয়াৰ স্বগৃহলৈ গুচি যায়৷

  যোৱা ২২ জুনত ছোৱাব পৰীক্ষাৰ ফলাফলত মণ্টু মেধিৰ শৰীৰত ক’ভিড–১৯ পজিটিভ ধৰা পৰে৷ পিছে ঘৰত উপস্থিত হোৱাৰ পাছৰে পৰাই মণ্টু মেধিয়ে বৰক্ষেত্রীৰ বিভিন্ন অঞ্চল ভ্রমণ কৰি ফুৰিছিল৷ আনকি নিজৰ দুই কন্যাসহ মুগদি গাঁৱৰ শহুৰেকৰ ঘৰলৈও গৈছিল৷ তদুপৰি মণ্টু মেধিৰ ভাতৃ টেম্প’চালক ৰাজেন মেধিয়ে নিজ টেম্প’ৰে গাঁৱৰে এজন অসুস্থ লোকক মুকালমুৱা সামূহিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ গৈছিল৷ সমগ্র বিষয়টোক কেন্দ্র কৰি এতিয়া বৰক্ষেত্রী অঞ্চলত হাহাকাৰ লাগিছে৷ মণ্টু মেধিৰ সংস্পর্শলৈ অহা আন বহু লোকৰ দেহলৈ মাৰাত্মক ভাইৰাছ সংক্রমিত হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷ অনুৰূপ পৰিৱেশ সৃষ্টি হৈছে বিশ্বনাথ আৰু বিহালী অঞ্চলত৷ ইয়াৰ মূলতে ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীৰ লখৰা শাখাৰ কর্মচাৰী বিজয় শংকৰ দাস৷ যোৱা ১৩ জুনত বিজয় শংকৰ দাসে প্রাণজিৎ ট্রেভেলছ নামৰ এখন বাছেৰে গৈছিল বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰস্থিত নিজ ঘৰলৈ৷ ঘৰত উপস্থিত হোৱাৰ পাছত তেওঁ বিশ্বনাথ চাৰিআলিৰ এখন চেলুনত চুলি কটোৱাৰ উপৰি কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠানলৈ গৈছিল৷ তদুপৰি স্থানীয় ছানৰাইজ ক্লাবৰ কালীপূজাতো অংশগ্রহণ কৰিছিল তেওঁ৷ যোৱা ১৭ জুনত গুৱাহাটীলৈ উভতি অহা বিজয় শংকৰ দাসৰ দেহত পিছদিনা অর্থাৎ ১৮ জুনত ক’ভিড–১৯ পজিটিভ ধৰা পৰে৷ কালীপূজাত অংশগ্রহণকে ধৰি বিশ্বনাথ চাৰিআলিৰ ঘৰত থকাৰ সময়ছোৱাত বহুসংখ্যক লোক প্রত্যক্ষ–পৰোক্ষভাৱ্ তেওঁৰ সংস্পর্শলৈ আহিছিল৷ পৰিণতিত এতিয়া বিশ্বনাথ চাৰিআলিৰ সর্বত্র ক’ৰোনা আতংক৷ অকল বিশ্বনাথ চাৰিআলিয়েই নহয়, এই আতংক বিয়পিছে বিহালীলৈও৷ কিয়নো বিজয় শংকৰ দাসৰ ভাতৃ সন্দীপ দাস বৰগাংস্থিত বিহালী উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা৷

   জানিব পৰা মতে, সন্দীপ দাস জ্যেষ্ঠ ভাতৃ বিজয় শংকৰ দাসৰ সংস্পর্শলৈ আহিছিল৷ প্রশাসনে ইতিমধ্যে বিশ্বনাথ চাৰিআলিৰ ৫টাকৈ অঞ্চল কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে যদিও ক’ৰোনা ভাইৰাছৰ গণ সংক্রমণৰ আশংকাই খেদি ফুৰিছে স্থানীয় ৰাইজক৷ গুৱাহাটীৰ পৰা উভতি যোৱা এজন যুৱকৰ দেহত ক’ভিড–১৯ পজিটিভ ধৰা পৰাৰ লগে লগে নগাঁৱতো আতংক দুগুণে বৃদ্ধি পাইছে৷ ক’ৰোনা আক্রান্ত এই যুৱকজন হ’ল নগাঁও পৌৰসভাৰ ২৪নং ৱার্ডৰ সদস্য তথা নগাঁও জিলা বিজেপিৰ জ্যেষ্ঠ নেতা সুভাষ দত্তৰ পুত্র সুৰজিৎ দত্ত৷ প্রাপ্ত বাতৰি অনুসৰি, যোৱা ১৬ জুনত নিজা বাহনেৰে পিতা–পুত্র দুয়ো গুৱাহাটীলৈ আহিছিল৷ দুয়োৱে ফাঁচীবজাৰস্থিত এলআইচিৰ মাণ্ডলিক কার্যালয়ত উপস্থিত হৈ একাংশ বিষয়া–কর্মচাৰীৰ সৈতে বার্তালাপ কৰিছিল৷ একেদিনাই তেওঁলোকে নগাঁৱলৈ উভতি যায় যদিও পাছত সুৰজিৎ দত্ত জ্বৰত আক্রান্ত হোৱাত যোৱা ১৯ জুনত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক’ভিড–১৯ পৰীক্ষাৰ বাবে ছোৱাব দিয়া হয়৷ কালি ওলোৱা ছোৱাব পৰীক্ষাৰ ফলাফলত সুৰজিৎ দত্তৰ শৰীৰত মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰে পৰে৷ ছোৱাব সংগ্রহৰ পাছত স্বাস্থ্য বিভাগে তেওঁক হোম কোৱাৰেণ্টাইনলৈ প্রেৰণ কৰিছিল যদিও তাৰ পূর্বে তেওঁ কেইবাজনো লোকৰ সংস্পর্শলৈ আহিছিল৷ এই বিষয়টোৱে এতিয়া নগাঁৱতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনেদৰে গুৱাহাটী ভ্রমণ কৰি যোৱা বাহকৰ সংস্পর্শলৈ অহা লোক মাৰাত্মক ভাইৰাছত সংক্রমিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ অৱশ্যে এই বিষয়টো স্পষ্ট হ’ব ছোৱাব পৰীক্ষাৰ ফলাফলতহে৷

   ইফালে, ৰাজ্যত অতি শেহতীয়াকৈ দ্রুতগতিত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰা হৈছে৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু প্রতিখন জিলাৰ উপায়ুক্তলৈ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দিয়া নির্দেশত কঠোৰভাৱে সকলোৱে যাতে সামাজিক দূৰত্ব মানি চলে তাৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে৷ তদুপৰি ৰাজহুৱা স্থানত মাক্স পৰিধান নিশ্চিত কৰাৰ কথা উল্লেখ কৰি আইন উলংঘাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈও নির্দেশ দিয়া হৈছে৷

You might also like