নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্ঞান অধ্যয়ন কেন্দ্ৰ আৰু মুকলি পুথিভঁৰালৰ ব্যতিক্ৰমী পদক্ষেপ 

 

 

  • পৰম্পৰাগত ভাৱে জাতীয় সাজপাৰ পৰিধান কৰি কণ কণ ছাত্ৰছাত্ৰী সকলে জ্যোষ্ঠ জনক সেৱা জনাই সন্মান জনোৱাৰ লগতে বিহুৱান প্ৰদান আৰু লগে ভাগে জলপান গ্ৰহণ ।

নিয়মীয়াবাৰ্তা, ২৪এপ্ৰিল: কাকপথাৰৰ দ-পথাৰ গাঁৱৰ জ্ঞান অধ্যয়ন কেন্দ্ৰ আৰু মুকলি পুথিভৰালৰ উদ্যোগত এক ব্যতিক্ৰমী প্ৰদক্ষেপ গ্ৰহণ কৰে ৷ এসময়ৰ সন্ত্ৰাস জৰ্জৰ বৃহত্তৰ কাকপথাৰ অঞ্চলৰ এখন ভিতৰুৱা পিছপৰা গাঁও দ-পথাৰ ৷ এই গাঁও খনৰে সাংবাদিকতাৰ সৈতে জড়িত এগৰাকী শিক্ষিত যুৱক মন্টু গগৈৰ তৎপৰতাত গাঁও খনৰ ছাত-ছাত্ৰী সকলৰ মাজত জ্ঞানৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে আৰম্ভ কৰে জ্ঞান অধ্যয়ন কেন্দ্ৰ আৰু মুকলি পুথিভৰাল ৷ জ্ঞান অধ্যয়ন কেন্দ্ৰত গাঁৱৰ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাদান কৰাৰ লগতে গাঁৱৰ ৰাইজে আজৰি সময় অবাবত নষ্ট নকৰিবলৈ মুকলি কৰিলে গাঁও খনৰ দুই মূৰে দুটাকৈ পুথিভঁৰাল ৷ এটা মাহ সম্পূৰ্ণ নহওঁতেই শিক্ষিত যুৱ সাংবাদিক গৰাকীৰ এই প্ৰচেষ্টাই লাভ কৰিছে ৰাইজৰ বিপুল সঁহাৰি ৷ মন্টু গগৈয়ে ইতিমধ্যে তেওঁৰ লগতে গাঁও খনৰ তিনি গৰাকীকৈ শিক্ষিত যুৱকক নিয়োগ কৰিছে জ্ঞান অধ্যয়ন কেন্দ্ৰ আৰু মুকলি পুথিভঁৰালত ৷ অতি কম দিনৰ ভিতৰতে ৰাইজৰ আশানুৰূপ সঁহাৰি লাভ কৰাৰ পাছত আজি গাঁওখনৰ লাচিত বৰফুকন প্ৰাথমিক বিদ্যালয় প্ৰাংগনত এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰে ৷ বহাগ বিহুৰ উপলক্ষে জ্ঞান অধ্যয়ন কেন্দ্ৰ আৰু মুকলি পুথিভৰালে আয়োজন কৰে

জ্যোষ্ঠ জনক বিহুৱান প্ৰদান কৰি আশীৰ্বাদ লৈ লগে ভাগে জলপান গ্ৰহণ আৰু সমাজৰ বিভিন্ন দিশৰ সৈতে জড়িত পাঁচজনকৈ ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপনৰ কাৰ্যসূচী ৷ এই অনুষ্ঠানটো ব্যতিক্ৰমী ৰূপ দিবলৈ অধ্যয়ন কেন্দ্ৰটোৰ ছাত্ৰ-ছাত্ৰী সকলে সভাৰ আঁত ধৰে ৷ সভাৰ আৰম্ভণিৰ পাছতে আমন্ত্ৰিত অতিথি সকলৰ পৰিচয়ৰ পাছত পাঁচজনকৈ ব্যক্তি ক্ৰমে জিলা খনৰ জ্যোষ্ঠ সাংবাদিক ডুমুডুমাৰ দিনেশ গোৱেল , সমাজ সেৱকৰ লগতে শিক্ষক তপন শৰ্মা , সমাজ সেৱকৰ লগতে বনকৰ্মী কৃষ্ণকান্ত গগৈ , কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নবিন চেতিয়া , সমাজ সেৱক অমিত গগৈক একোখনকৈ তাই আহোম গামোছাৰে(ফাচিত) সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰা হয় ৷ আইটাইয়ে শিক্ষা আৰু অধ্যয়নৰ জড়িয়তে কি দৰে নিজকে গঢ় দিব পাৰি , সমাজ ব্যবস্থাত ইয়াৰ অৱদান কি তাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ কিতাপ বা গ্ৰন্থ অধ্যয়নে কি দৰে এজন লোকৰ চিন্তাধাৰাকে ধৰি বিভিন্ন দিশত প্ৰভাৱ পেলাই তাৰ ওপৰতো ছাত্ৰছাত্ৰী সকলৰ সৈতে আলোচনা কৰা হয় ৷ ইয়াৰ পাছতে সকলো ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ জাতীয় সাজপাৰ পৰিধান কৰি পৰম্পৰাগত ভাৱে জ্যোষ্ঠ সকলক এখনি শৰাই আগঢ়াই সেৱা লয় ৷ সেৱা গ্ৰহনৰ পাছতে সকলোৱে লগে ভাগে বিহুৰ জলপান গ্ৰহন কৰে ৷ বহাগ বিহুৰ উপলক্ষে কাকপথাৰ দ-পথাৰৰ জ্ঞান অধ্যয়ন কেন্দ্ৰ আৰু মুকলি পুথিভৰালে আয়োজন কৰা এই ব্যতিক্ৰমী পদক্ষেপে নিশ্চয়কৈ সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব ।

প্ৰেৰক: সুৰজ দাস

You might also like