হাফলংৰ বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাৰ মনোনয়ন দাখিল
নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ আজি মনোনয়ন পত্ৰ দাখিল কৰে হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাই । বুধবাৰে ডিমা হাছাও জিলাৰ হাফলঙস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা এক ৰেলী উলিয়াই বুধবাৰে দিনৰ ১১.৩০ বজাত জিলা উপায়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাই ।
মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত গার্লচাৰ সৈতে উপস্থিত আছিল উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা, বিজেপিৰ জিলা সভাপতি ধনপাইনন থাওচেন, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৰতন টেৰণ, বিজেপি দলৰ আইনী উপদেষ্টা তথা অধিবক্তা দয়ামণি সিঙৰ লগতে দলৰ শীৰ্ষ নেতৃত্ব ।
হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰে নন্দিতা গাৰ্লচাই । মনোনয়ন পত্ৰ দাখিল কৰি নন্দিতা গাৰ্লচাই কয় ‘হাফলং সমষ্টিত বিজেপিৰ জয় নিশ্চিত আৰু আমি ৰাইজৰ বাবে কাম কৰি যাম’ । তেওঁ লগতে কয় যে, বিজেপি ক্ষমতাত আহিলে ষষ্ঠ অনুসূচী ক্ষমতা হ্ৰাস হ’ব বুলি সাধাৰণ ৰাইজৰ মাজত যি এক ভুল ধাৰণাৰ সৃষ্টি হৈছে সেয়া কেতিয়াও নহয় বুলি মন্তব্য কৰে নন্দিতা গাৰ্লচাই । অহা ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত হাফলং সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন ।