নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই বনোৱা বিটিছি অফিচত বহি মোকে গালি দিয়েঃ হাগ্ৰামা মহিলাৰী

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই সকলো ৰাজনৈতিক দলে সক্ৰিয় হৈ পৰিছে । এই ক্ষেত্ৰত পিছপৰি থকা নাই বিপিএফ দলো।  বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দুই বছৰ কাল অজ্ঞাত বাসৰ পিছত সক্ৰিয় ভূমিকা লৈ বিটিছিৰ ইমুৰৰ পৰা সিমুৰলৈ বিভিন্ন সভা-সমিতি কৰি নিজৰ দলক পুনৰ মজবুত কৰা আৰম্ভ কৰিছে। ওদালগুৰী, বাকসা, চিৰাং, কোকৰাঝাৰত পদ যাত্ৰা জনজাগৰণ কেইবা খনো সভা অনুষ্ঠিত কৰি জনমত গঠন কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। ঠিক তেনেদৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত অনুষ্ঠিত পদ যাত্ৰা কৰাৰ লগতে এক জনজাগৰণ সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়- “মই বোলে  ১৭ বছৰত একো কৰা নাই। মই বনোৱা ৰাস্তা, মই বনোৱা বিটিছি অফিচ, মই বনোৱা গেষ্ট হাউচত মিটিং কৰি মোকে গালি দি থাকে।” উক্ত সভাতেই মহিলাৰীয়ে কয় যে প্ৰমোদ বড়োৱে তিনি বছৰ শাসন কৰি চাৰে চাৰি কিলোমিটাৰ ৰাস্তা হে বনাইছে।
You might also like