কোকৰাঝাৰত হাগ্রামাক সাক্ষাৎ ৰাইজৰ দলৰ প্রতিনিধিৰ
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ তিৱা স্বায়ত্ত পৰিষদৰ ভোটগণনা চলি থকাৰ সময়তে শনিবাৰে কোকৰাঝাৰত উপস্থিত হয় ৰাইজৰ দলৰ এটা সঁজাতী দল৷ মূলতঃ বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত বডোভূমিতো ভেটি তৈয়াৰ কৰাৰ লক্ষ্যৰে দলটোৱে কোকৰাঝাৰ ভ্রমণ কৰে৷ কোকৰাঝাৰত উপস্থিত হোৱা দলটোৱে পিছত কোকৰাঝাৰ প্রেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰে৷ সংবাদ মেলখনত দলটোৰ ৰাজ্যিক আহ্বায়ক দিৱস ফুকনে বিজেপিক তীক্ষ্ণ বাক্যবাণেৰে সমালোচনা কৰি কয় যে বিজেপিয়ে বডো জাতীয়তাবাদক ধ্বংস কৰিব বিচাৰিছে৷ ধনবল,বাহুবল, জনবলৰ জোৰত নির্লজ্জভাৱে খিলঞ্জীয়া জাতি–জনগোষ্ঠীক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে৷
কার্বি, তিৱা, ৰাভা,মিচিং, অগপক গেৰুৱা বাহিনীয়ে ইতিমধ্যে গ্রাস কৰিলে৷ এতিয়া বড়োসকলৰ শক্তিশালী জাতীয়তাবাদ, আঞ্চলিকতাবাদক টুকুৰা–টুকুৰ কৰাৰ লগতে অসমৰ ক্ষুদ্র জাতি–জনগোষ্ঠীসমূহ গ্রাস কৰিব বিচাৰিছে৷ ৰাইজৰ দলে বডোসকলৰ জাতীয়তাবাদ আৰু স্বাভিমানক সন্মান কৰে৷ বডোসকলৰ সুখ–দুখৰ সমভাগী হ’বলৈ সদায় সাজু৷ গতিকে সমাগত বিধানসভা নির্বাচনত ৰাইজৰ দলে বডোসকলৰ পৰাও সহায়–সহযোগিতা কামনা কৰে৷ মুঠতে আগ্রাসী ৰাষ্ট্রীয়তাবাদী দলৰ বিপৰীত মেৰুত অৱস্থান কৰি অসমৰ প্রতিটো আঞ্চলিক দলে ঐক্যবদ্ধভাৱে যুঁজ দিলেহে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠী আৰু জনজাতি ৰাইজৰ স্বাভিমান তিষ্ঠি থাকিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷
ৰাইজৰ দলে বডো ভাইসকলৰ প্রতি সম্পূর্ণ সহমর্মিতা প্রকাশ কৰি কান্ধত কান্ধ মিলাই আগুৱাই যাব বিচাৰে৷ সমান্তৰালভাৱে ৰাইজৰ দলে বডোলেণ্ডৰ সমভাবাপন্ন আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহৰ সৈতে ইতিমধ্যে প্রাথমিক পর্যায়ত আলাপ–আলোচনা আৰম্ভ কৰিছে৷ এই উদ্দেশ্য লৈয়ে আজি ৰাইজৰ দলৰ প্রতিনিধি দলটোৱে বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীক এক সৌজন্যমূলক সাক্ষাৎ কৰা বুলি ৰাজ্যিক আহ্বায়ক ফুকনে জানিবলৈ দিয়ে৷
সৌজন্যমূলক সাক্ষাৎকাৰ সুন্দৰ আছিল যদিও উক্ত সময়ছোৱাত বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ সৈতে কি কি বিষয়ত আলোচনা–বিলোচনা কৰে সবিশেষ প্রকাশৰ পৰা আহ্বায়ক দিৱস ফুকন আঁতৰি থাকে৷ উল্লেখ্য যে সংবাদ মেলখনত ফুকনৰ উপৰি ৰাইজৰ দলৰ ৰাজ্যিক সমন্বয়ক অভিজিত তালুকদাৰ আৰু গুৱাহাটী জিলা সমিতিৰ সাধাৰণ সম্পাদক গুৰুপ্রসাদ শর্মাই সংগ দিয়ে৷