নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামা–পত্নী ৰনামত ৫০টাক বেং একাউণ্ট; ৫৬খন গাড়ী, ৫৩ স্থানত মাটি

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ বি পি এফৰ মুৰব্বী তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে নির্বাচন আয়োগত দাখিল কৰা মনোনয়ন–পত্রত উল্লেখ কৰা তেওঁৰ স্থাৱৰ–স্থাৱৰ সম্পত্তিৰ তালিকাই সকলোৰে চকু কপালত তুলিছে৷ বিটিচি নির্বাচনত ১০নং দেৱৰগাঁও (জনজাতি) সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰা মহিলাৰীয়ে মনোনয়ন–পত্রত বিটিচিত ১৭ বছৰীয়া কার্যকালত মহিলাৰীৰ সম্পত্তিৰ পৰিমাণ কল্পনাতীতভাৱে বৃদ্ধি পোৱাৰ তথ্য ওলাই পৰিছে মনোনয়ন–পত্রৰ তথ্যত৷

উল্লেখ কৰা মতে, তেওঁৰ মুঠ ৮,৩৬৯.৮৭ লাখ টকাৰ সম্পত্তি আছে৷ হাগ্রামা মহিলাৰী আৰু তেওঁৰ পত্নী শিউলী মহিলাৰীৰ আছে ৫০টা বেংক একাউণ্ট৷ এছ বি আই, এলাহাবাদ বেংক, ইউকো, এইচ ডি এফ চি, আই চি আই চি আই আদি বেংকত হাগ্রামা মহিলাৰী আৰু তেওঁৰ পত্নীৰ নামত আছে এই ৫০টা একাউণ্ট৷ আনহাতে, মহিলাৰীৰ নামত আছে ৫৬খন গাড়ী৷ ইয়াৰ ভিতৰত আছে ১,৪১,৯৫,৩৯৭ টকা মূল্যৰ এখন বিলাসী টয়টা লেণ্ড ক্রুইজাৰ৷ তদুপৰি ১১,৮২,১৭৩ টকা আৰু ৬,৩১,০০০ টকাৰ দুখন স্ক’ৰপি’ গাড়ী আছে৷ আনহাতে, কেইবাখনো টিপাৰ, ট্রাক, টেংকাৰ আদি বিভিন্ন গাড়ী আছে মহিলাৰীৰ নামত৷ মনোনয়ন–পত্রত উল্লেখ কৰা মতে, হাগ্রামা মহিলাৰীৰ কোকৰাঝাৰত ৫০টা স্থানত ভূমি আছে৷

তদুপৰি বহু কোটি টকাৰ ব্যৱসায় আছে৷ ইয়াৰে সৰহভাগেই আছে কোকৰাঝাৰ চহৰত৷ উল্লেখ্য যে হাগ্রামা মহিলাৰীৰ এই সম্পত্তি উত্তৰাধিকাৰী সূত্রে পোৱাও সম্পত্তি নহয়৷ অৱশ্যে হাগ্রামা মহিলাৰীয়ে মনোনয়ন–পত্রত ২৮টা বেংকৰ পৰা ঋণ লোৱা বুলি দেখুৱাইছে৷ উল্লেখ্য যে সাধাৰণ পৰিয়ালত জন্মগ্রহণ কৰা হাগ্রামা মহিলাৰীয়ে স্বাধীন বড়োলেণ্ডৰ দাবীত বি এল টি উগ্রপন্থী সংগঠনত যোগদান কৰিছিল৷ কেইবাবছৰ ধৰি সশস্ত্র সংগ্রাম কৰাৰ অন্তত কেন্দ্রীয় চৰকাৰৰ সৈতে হোৱা চুক্তি অনুসৰি পৰৱর্তী সময়ত হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিটিচি গঠন হৈছিল৷ বিটিচিৰ মুখ্য কার্যবাহী সদস্য হিচাপে শাসনভাৰ চলোৱা হাগ্রামা মহিলাৰীৰ পৃষ্ঠপোষকতাত বিভিন্ন আঁচনিত দুর্নীতি সংগঠিত হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷

যোৱা কিছুদিন ধৰি বিটিচি নির্বাচনৰ প্রচাৰ অভিযানৰ ইউ পি পি এল, বিজেপি, গণ সুৰক্ষা পার্টী আদিয়ে হাগ্রামা মহিলাৰীৰ শাসনত বিটিচিত কেইবাহাজাৰ কোটি টকাৰ কেলেংকাৰি হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ ইয়াৰ মাজতে আজি হাগ্রামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনকালত ২,০০০ কোটিতকৈ অধিক টকাৰ আর্থিক কেলেংকাৰি হোৱা বুলি অভিযোগ কৰি সমাজকর্মী নৰপতি ব্রহ্ম আৰু জয়ন্ত কুমাৰ বৰুৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰি সমগ্র কেলেংকাৰিৰ তদন্তৰ দায়িত্ব চি বি আইক দিবলৈ আহ্বান জনাইছে৷ সমাজকর্মী দুজনে আনকি পঞ্চায়ত আৰু গ্রামোন্নয়ন, ক্রীড়া, কৃষি, পৰিবহণ, সমাজ কল্যাণ, মীন আদি প্রায়বোৰ বিভাগত ১,৫০০ কোটিতকৈ অধিক কেলেংকাৰি হোৱা বুলি আবেদনখনত উল্লেখ কৰিছে৷ ইফালে বিটিচি অঞ্চলত কেইজনমান বিশিষ্ট ব্যক্তিৰ দ্বাৰা সম্পাদিত ৰিপ’টত যোৱা ২০১৮–১৯ চনৰ পৰা এমজিএনৰেগা আঁচনিত ৪৭৫ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি উল্লেখ কৰিছে৷

এই আবেদনৰ পাছতে ইউ পি পি এল দলেও হাগ্রামা মহিলাৰীৰ কার্যকালত হোৱা বিভিন্ন কেলেংকাৰিৰ চি বি আই তদন্ত কৰি দোষীসকলক গ্রেপ্তাৰ কৰিবলৈ দাবী জনায়৷ এটা সাধাৰণ পৰিয়ালৰ পৰা আহি হাগ্রামা মহিলাৰীয়ে বিটিচিত শাসনৰ দায়িত্ব লোৱাৰ পাছতে চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি সোঁৱে–বাঁৱে সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে৷ বিটিচিত একাংশ চৰকাৰী বিষয়া, ভি চি ডি চি, টি চি এল চি চি, ঠিকাদাৰ আদিৰ জৰিয়তে দুর্নীতি সংঘটিত কৰি হাগ্রামা মহিলাৰীয়ে কোটি কোটি টকাৰ স্থাৱৰ–স্থাৱৰ সম্পত্তিৰ গৰাকী হোৱা বুলি  ইউ পি পি এল দলৰ সম্পাদক কামাল আজাদে অভিযোগ কৰিছে৷ বিশেষকৈ বিটিচিৰ মুৰব্বী হৈ হাগ্রামা মহিলাৰীয়ে কোকৰাঝাৰৰ ৫০টা স্থানত ভূমি ক্রয় কৰাৰ লগতে ৫৬খন গাড়ীৰ অধিকাৰী হৈছে বিগত সময়ত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত কৰি৷

লগতে বক্র পথেৰে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি বৃহৎ পৰিমাণৰ আয় বহির্ভূত সম্পত্তিৰ অধিকাৰী হৈছে হাগ্রামা মহিলাৰী৷ এনে পৰিস্থিতিত এইগৰাকী নেতাৰ নেতৃত্বত বি পি এফ পুনৰ শাসনলৈ আহিলে বিটিচিবাসীৰ বহু প্রত্যাশিত উন্নয়নৰ সপোন পূৰণ হ’বনে বুলিও প্রশ্ণ উত্থাপন হৈছে৷

You might also like