নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চভূতত বিলীন ভ্রাম্যমাণৰ বলিষ্ঠ অভিনেতা হৰেন মালাকাৰৰ নশ্বৰ দেহ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: পঞ্চভূতত বিলীন হ’ল ভ্রাম্যমাণৰ বলিষ্ঠ অভিনেতা তথা জনপ্রিয় কৌতুক অভিনয় শিল্পী হৰেন মালাকাৰৰ নশ্বৰ দেহ৷ উল্লেখ্য যে অসমৰ ভ্রাম্যমাণ নাট্য জগতৰ প্রবীণ অভিনেতা তথা সংস্কৃতিৰ আজীৱন সাধক তীর্থনগৰী হাজোৰ মালীটোলা নিৱাসী হাস্যৰসিক হৰেন মালাকাৰে শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ৷ দীর্ঘদিন ধৰি যকৃত আৰু মধুমেহ ৰোগত আক্রান্ত হৈ নিজ বাসগৃহতে শয্যাশায়ী হৈ থকা অৱস্থাত ভ্রাম্যমাণ থিয়েটাৰৰ বহু কলা–কুশলী, অগণন দর্শকক কন্দুৱাই শনিবাৰে নিশা ইহসংসাৰৰ পৰা বিদায় লোৱাত চৌদিশে পৰিছে গভীৰ শোকৰ ছাঁ৷ ভ্রাম্যমাণ থিয়েটাৰৰ প্রেক্ষাগৃহত হাঁহি–ধেমালিৰে দর্শকৰ মন জয় কৰা মালাকাৰে দীর্ঘদিনৰ পৰা যকৃত আৰু মধুমেহ ৰোগত আক্রান্ত হৈ আছিল৷

ক’ভিডসৃষ্ট কাৰণত দীর্ঘদিন ধৰি ভ্রাম্যমাণ থিয়েটাৰ বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত তীব্র আর্থিক দৈন্যত ভুগি থকা প্রবীণ কৌতুক অভিনেতা মালাকাৰে উন্নত চিকিৎসাৰ পৰাও বঞ্চিত হৈ নিজ বাসগৃহতে শয্যাশায়ী হৈ থাকিবলগীয়া হৈছিল৷

উল্লেখ্য যে ১৯৪৬ চনৰ ৩০ জুনত জন্মগ্রহণ কৰা হাজোৰ সু–সন্তান হৰেন মালাকাৰে শৈশৱৰে পৰা সাংস্কৃতিক ক্ষেত্রখনৰ প্রতি আকৃষ্ট হৈ প্রথমে পিতৃৰ হাৰমণিয়ামখনক সাৰথি কৰি লৈ গীত–মাত পৰিৱেশন কৰিছিল৷ ১৯৭৩ চনত তেওঁ হাজোৰ পূর্বজ্যোতি থিয়েটাৰৰ জৰিয়তে অভিনয় জগতত প্রৱেশ কৰি বিগত ৪৬ বছৰে ৰাজ্যৰ প্রায়বোৰ ভ্রাম্যমাণ থিয়েটাৰৰ লগতে ভালেসংখ্যক ধাৰাবাহিকত সাৱলীল অভিনয় কৰি দর্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷

তেওঁ অভিনয় কৰা তিনি শতাধিক নাটকৰ ভিতৰত বনৰীয়া ফুল, শেষ প্রহৰৰ ভাওনা, কাবুলীৱালা, মইনামতী, মাতাল ঘোঁৰা, দধিচী, হাত, নিৰুদ্দেশ, নিমখ হাৰাম, পঁজাঘৰ, ৰজা, বন্ধু, মমতাজ মহল আদি উল্লেখনীয় আছিল৷ তদুপৰি প্রয়াত মালাকাৰে অসম সাহিত্য সভাৰ আজীৱন সভ্য পদো অলংকৃত কৰি আছিল৷ প্রবীণ কৌতুক অভিনেতা মালাকাৰৰ মৃত্যুৰ খবৰ চৌদিশে বিয়পি পৰাত আজি পুৱাৰ ভাগতে অগণন গুণমুগ্ধই আহি হাজোৰ মালিটোলাৰ নিজ বাসগৃহত আহি ভিৰ কৰে আৰু প্রয়াত মালাকাৰক শেষ শ্রদ্ধা নিবেদন কৰে৷

ইফালে বিশিষ্ট অভিনেতাজনৰ নশ্বৰ দেহ আজি পুৱা ৯ বজাত পুষ্পসজ্জিত বাহনেৰে তীর্থনগৰী হাজোত এক সমদল উলিওৱাৰ অন্তত লখাইতৰা নৈ পাৰত অৱস্থিত মুক্তিধামত অগণন গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰে৷ তেওঁৰ মৃত্যুত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়া, হাজো ৰাইজ গয়ৰহৰ সভাপতি গোলোক ওজা, সম্পাদক গৌতম শইকীয়া, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্র কুমাৰ ভাগৱতী, সম্পাদক ৰাজেন মহন্ত, হাজো মণিকূট সাহিত্য সমাজৰ সভাপতি প্রকাশ দাস, ভাৰপ্রাপ্ত সম্পাদক বিশ্বজিৎ বিশ্বাসী, অসম নাট্য সন্মিলন হাজো শাখাৰ সভাপতি মদন মোহন দাস, সম্পাদক কিচিন দাস, সহকাৰী সম্পাদক ভূপেন দাস, পঞ্চতীর্থ পৰিচালনা সমিতিৰ দলৈ শিৱপ্রসাদ শর্মা, বিশ্ব হিন্দু পৰিষদ, হাজো প্রখণ্ডৰ নেতা পংকজ শর্মা, হাজো মহকুমা ক্রীডা উন্নয়ন পৰিষদৰ সম্পাদক বীৰেন্দ্র কুমাৰ দাস, হাজো আছুৰ সভাপতি নৱজ্যোতি দাস, সদৌ কামৰূপ জিলা আছুৰ সাধাৰণ সম্পাদক পংকজ কলিতা, কামৰূপ জিলা সাংবাদিক সন্থা, হাজো প্রেছ ক্লাব, হাজো সাংবাদিক সন্থা, সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা প্রকাশ দাস, সমাজসেৱক দিনমণি ভাণ্ডাৰ কায়স্থ, হাজো জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক শম্ভু দাস, হাজো বহ্ণিমান কাৰাটে একাডেমী প্রমুখ্যে হাজোৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, ব্যক্তিয়ে গভীৰ শোক প্রকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত মালাকাৰে পত্নীসহ চাৰি পুত্র–কন্যা, বোৱাৰী, নাতি–নাতিনীক ইহসংসাৰত এৰি যায়৷

You might also like